আমাৰ ঐতিহ্য আমাৰ গৌৰৱ – এছ ইছলাম

PC - Wikipedia
আমাৰ ঐতিহ্য আমাৰ গৌৰৱ
এছ ইছলাম, শিক্ষক, বৰপেটা
আমাৰ ঐতিহ্যই পৰিচয় আমাৰ
এয়াই গৌৰৱ আমাৰ সকলোৰ
প্ৰাচীন ঐতিহাসিক যুগৰ
ৰংঘৰ,তলাতল ঘৰ আৰু জয়সাগৰ
শিৱদৌল, জয়দৌল, জেৰেঙা পথাৰ
ইয়ে মনত পেলায় ঐতিহ্য আমাৰ।
পৃথিৱী বিখ্যাত মাজুলী আমাৰ
নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ
ব্ৰহ্মপুত্ৰৰ সোঁ মাজত উমানন্দ স্থিৰ
পৃথিৱী বিখ্যাত ক্ষুদ্ৰতম নদী-দ্বীপ
আমাৰ জাতীয় গৌৰৱ জানিবা ধূৰূপ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
একশিঙীয়া গঁড়ৰ বাসস্থান
মানাহ,নামেৰী, হোলোংপাৰ গিবন
পৃথিৱীৰ ক’তো নোপোৱাএনে পবিতৰা
দীপৰ বিলৰ দৰে চৰাই-চিৰিকটিৰে ভৰা
অসম দেশৰ দৰে ৰসাল মাটি
পৃথিৱীৰ ক’তো নাই এনেকুৱা ভেঁটি
ব্ৰহ্মপুত্ৰ,বৰাকৰ দৰে প্ৰৱল নদী
জন্ম গ্ৰহণ কৰে মাছ-কাছ অভৈনদী।