আমাৰ ঐতিহ্যবোৰ সুৰক্ষিত থাকক! – দিপ্তী মনি গোস্বামী

আমাৰ ঐতিহ্যবোৰ সুৰক্ষিত থাকক!
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ভাৰতৰ মানচিত্ৰত ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত বিস্তৃত ৰূপত সগৌৰৱে জিলিকি আছে সেউজী সোণোৱালী ৰূপহী অসম, নানা জাতিৰ ৰজা মহা ৰজা সকলৰ শাসন কালৰ ঐতিহ্য ইতিহাস বুকুত লৈ। ই আমাৰ গৌৰৱ আমাৰ স্বভিমান । প্ৰাগজ্যোতিষ , কামৰূপ আদি নাম বাগৰি অসম হোৱালৈ, বিভিন্ন জাতিৰ আহোম, চুতীয়া,কোচ আদি ৰজা সকলে অসমত আধিপত্য বিস্তাৰ কৰি শাসনৰ বাঘজৰী হাতত লৈ তেওঁ লোকৰ বীৰত্ব তথা কৃতীত্বৰ নিদৰ্শন চানেকি থৈ গৈছে নানা ঐতিহ্যমণ্ডিত সমলেৰে। তেনে সমল নানা মঠ,মন্দিৰ,দৌল,দেৱালয়, কীৰ্ত্তস্তম্ভ, কৃত্ৰিম সাগৰ, পুখুৰী, সৌধ ,স্তম্ভ, লিপি ইত্যাদিৰ লগতে এতিয়া গঢ়ি উঠা কিছু পৰ্য্যটন ক্ষেত্ৰ তথা পৰ্য্যটনৰ সম্ভাৱনা থকা কিছু  ঐতিহাসিক ক্ষেত্ৰ।  সি আমাৰ জাতিৰ স্বভিমান আমাৰ গৌৰৱ।আমি সেই জাতীয় স্বাক্ষৰ বহনকাৰী গৌৰৱবোৰ সদায়ে অটুট তথা সুৰক্ষিত থকাটো মনে প্ৰাণে বিচাৰোঁ।