আমাৰ এমʼই স্কুলৰ ছাৰসকল আৰু আমি
আছিৰ উদ্দিন সিং,গুটিপাৰা, বিলাসীপাৰা,ধুবুৰী
ছাৰসকল আছিল সহজ – সৰল
দুষ্ট আছিলোঁ আমি ;
পঢ়াৰ নামত দুষ্টালি কৰাত
হাতত পৰিছিল লাঠি।
সহপাঠীক আমি “তই” বুলি
সদায় দিছিলোঁ মাত;
যাৰ মাজত আছিল লুকাই
নেদেখাকৈ অপূৰ্ব সোৱাদ।
এল,পি-এম,ই উচ্চ মাধ্যমিক মিলি
বৃহৎ খেল পথাৰ এখন;
তিনি গোটৰ ছাত্ৰ-ছাত্ৰী মিলি
খেলা-ধূলাত উল্লাসিত মন।
আজগৰ ছাৰৰ অসমীয়া বিষয়
পেগুছাৰৰ সমাজ বিজ্ঞান;
ছিদানন্দপেগু ছাৰ মনত নপৰে কাৰ
সংগীততো আছে যথেষ্ট জ্ঞান।
কেতিয়াবা খং বাঁহৰ বেতৰ কোব
নিশ্চয় মৰম ভালপোৱা;
মনত ৰাখিম আমি নেপাহৰিম
ছাৰে দিয়া নীতি-নিৰ্দেশনা।
সেৰাপতছাৰ গণিত, আমিৰুল ছাৰ আৰবী
ইংৰাজী বিষয় মহেন ৰয় ছাৰ;
পঠন প্ৰণালী অংগী- ভংগি
ভুল ধৰিব সাধ্য আছেনো কাৰ?
মুক্তাৰ ছাৰৰ বুজনি চাহালম ছাৰৰ অংকত
পানীৰ নিচিনা সকলো অনুকুল;
মনত থাকিব ৰৈ আজীৱন স্মৃতি হৈ
আমাৰ “খেইৰাৰ চৰ এমʼই স্কুল”।
মই আছিৰ, মনোৱাৰ মতলেব,ৰফিকুল
সহপাঠী আছিলোঁ একেলগে;
মৰিয়ম,মোনা, ছুপিয়া, নাজিমা
এতিয়াও মনত পৰে।
মাহমাদুল হাছান হাফিজুল ইছলাম
আচাৰ- আচৰণ শান্ত প্ৰকৃতিৰ;
হাবিবুল্লাহ সেখ ছাদ্দাম হোছেইন
আমি সদায় আছিলোঁ মিলিজুলি।
নুৰজামাল হক সহিদুল ইছলাম
ক’বলৈ ভাষা বিচাৰি নাপাওঁ;
মনে বিচাৰে সেই দিনলৈ
যেন আকৌ উভতি যাওঁ।
বিদ্যালয়ৰ পাঠদান কাজিয়া-পেচাল
মনলৈ সুৱৰি আহে সেই স্মৃতি;
চমতুল্লা-ছাইৰুদ্দিন জাকাৰিয়া আহমেদ
আমি আছিলোঁ সহপাঠি।
আজগৰ ছাৰ গল্প কৈছিল মজাৰ
উপমা হিচাপে ক্লাছৰ মাজত;
অবানী বায়ন ছাৰ শিকাইছিল ন ন বিষয়
কাম্য সদায় ছাৰসকল কুশলে থাকক।
চিনি পাব নিশ্চয় আশাকৰোঁ মই
নামনি অসমৰ ধুবুৰী জিলাৰে ঠাই;
বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত হয়
গুটিপাৰা খেইৰাৰচৰ এম ই স্কুল ভাই।
সময় বাগৰি যাব মনত থাকিয়ে ৰ’ব
একেলগ বহু কৰিছোঁ হুলস্থল;
এটা খেলপথাৰ চাৰিওকাষে খেইৰাৰচৰ এল পি,
এম ই আৰু গুটিপাৰা হাই স্কুল।