আমাৰ আশা -আকাংক্ষা সমূহক এক সীমাৰেখাৰ মাজত সীমাবদ্ধ কৰা উচিত – চন্দ্ৰ শেখৰ পৰাজুলী

Pc StockSnap.io
আমাৰ আশা -আকাংক্ষা সমূহক এক সীমাৰেখাৰ মাজত সীমাবদ্ধ কৰা উচিত
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত দিন প্ৰতিদিনে এক প্ৰদৰ্শন বা প্ৰতিযোগিতা মূলক যুগ গঠনৰ ফলত মানুহৰ মাজত থকা সুখ,শান্তি,মৰম,ভালপোৱা, ভাতৃত্ববোধ,মানৱীয় গুণাগুণ আদিৰ ওপৰত বহু নকাৰাত্মক প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিছে। ইয়াৰ ফলস্বৰুপে অনাগত দিনবোৰত কিমান যে যন্ত্ৰণাদায়ক পৰিবেশৰ সৃষ্টি হবলৈ গৈ আছে হয়তো এতিয়া আমাৰ চিন্তাধাৰাৰ একেবাৰে বাহিৰত নহয়নে ? অৰ্থাৎ লাহে লাহে কৰি আমি সকলোবোৰ মানুহে এক যান্ত্ৰিকতা মানৱ সমাজৰ গঠনৰ দিশত অতি দ্ৰুত গতিৰে অগ্ৰসৰ হৈ পৰিছোঁ। আচলতে এনেকুৱা ধৰণৰ পৰিবেশ গঠনৰ আৰত আমি জীৱশ্ৰেষ্ঠ মানৱে নিজকে সম্পূৰ্ণৰূপে দোষাৰোপ কৰাৰ লগতে সময় থাকোতেই ইয়াৰ সমাধান বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা হাতত লব লাগিব। নহলে আমাৰ দ্বাৰা আবিষ্কাৰ হোৱা বা আবিস্কৃত হবলৈ যোৱা অত্যাধুনিক সা-সামগ্ৰী সমূহে সম্পূৰ্ণৰূপে এই সুন্দৰ প্ৰকৃতিৰ ওপৰতে এক বৃহৎ ধৰণৰ অনিষ্ট সাধন কৰিব। বৰ্তমান সময়ত এক প্ৰদৰ্শন বা প্ৰতিযোগিতা মূলক যুগ গঠনৰ আৰতে আছে মানুহে নিজৰ নিজৰ আশা-আকাংক্ষা সমূহক এক সীমাৰেখাৰ মাজত সীমাবদ্ধ কৰিবলৈ তৎপৰ হোৱাগৈ নাই। আচলতে কেৱল বৰ্তমান সময়তে মানুহৰ মস্তিষ্কৰ ওপৰত বিকাশ সাব্যস্ত কৰি গৈ আছে একে কোনো কথা নহয়। কাৰণ আমাৰ পূৰ্বপুৰুষ সকল আৰু অতীতৰ সময়তো মানুহৰ মস্তিষ্কৰ বিকাশৰ হাৰত কোনো গুণে কম নাছিল। সচাঁ অৰ্থাৎ কবলৈ গলে বৰ্তমান সময়ৰ তুলনাত অতীতৰ মানুহবোৰ ইমানেই শক্তিশালী আছিল যে আমাৰ হয়তো এতিয়াৰ কল্পনাৰ বাহিৰত । এইখিনিতে বৰ্তমানৰ বহু বুদ্ধিজীবিৰ মনত এইটো প্ৰশ্নৰ উদ্ভাৱন হব পাৰে যে, তেন্তে বৰ্তমান দৰে আমি দেখিবলৈ পোৱা অত্যাধুনিক যোগৰ সূচনা কিয় কৰিবলৈ সক্ষম হোৱা নাছিল নহয়নে ? ইয়াৰ একমাত্ৰ কাৰণ হল আমাৰ অতীতৰ পূৰ্বপুৰুষ সকলে মানৱ জীৱনৰ আচল তাৎপৰ্য সমূহৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান সময়ত আমি সকলোবোৰ মানুহে নিজ নিজ আশা-আকাংক্ষা সমূহৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই কেৱল বাহ্যিক জগতৰ সুন্দৰতাৰ ওপৰত অধিক জোৰ প্ৰদান কৰি গৈছো। আমাতকৈ বহু অতীততে বৰ্তমান সময়ৰ দৰে পৰিবেশ গঠনৰ ওপৰত মানুহৰ লগত সম্পূৰ্ণৰূপে আৱশ্যকীয় সংসাধন হোৱাৰ স্বত্বেও তেতিয়াৰ মানুহে বাহ্যিক সুন্দৰতা সমূহৰ ওপৰত ইমান এটা গুৰুত্ব প্ৰদান নকৰি নিজকে এক সীমাৰেখাৰ মাজতে নিয়ন্ত্ৰণ কৰি ৰাখিছিল। ইয়াৰ একমাত্ৰ কাৰণ হল মানৱ জাতিৰ অনাগত ভবিষ্যত আৰু মংগল কামনাঅৰ্থে এক সীমাৰেখা নিৰ্ধাৰণ কৰি চলিছিল। কিন্তু বৰ্তমান সময়ৰ মানচিত্ৰ সমূহৰ আমাৰ সকলোৰে হয়তো চকুৰ সন্মুখত আছে। যাক হয়তো বাখ্যা কৰাৰ বৰ বেচিকৈ প্ৰয়োজনীয়তা আছে বুলি মই নাভাবো।