আমাৰ অয়ন ডাক্তৰ
( ‘ডাক্তৰ দিৱস’ উপলক্ষ্যে)
” অ’ মা , জীৱনৰ লক্ষ্য মানেনো কি?”— পঢ়াৰ টেবুলৰ পৰাই কণমানি অয়নে মাকক চিঞঁৰি সুধিলে।
” অ’ ৰ’বা, ৰ’বা ।মই একো শুনা নাই ।আৰু ইমান চিঞঁৰিছা কিয় তুমি? মই গৈ আছোঁ নহয় ওচৰলৈ।ইমান কৈ চিঞঁৰিব নাপায় নহয়, বাবা।”—- কথাখিনি কৈ – কৈ মাক অয়নৰ ওচৰ পালেহি।” কি বাবা? কি লক্ষ্যৰ কথা কৈছা?”
“জীৱনৰ লক্ষ্য। “
“কোনে শিকালে ইমান ডাঙৰ শব্দ দুটা তোমাক। “
” নহয় মা আজি স্কুলত আমাক সুধিছিলে।”
“কি ক’লা তুমি?”
“কি ক’ম মা, একো বুজিয়েই নাপালোঁ ।”
“কি বুজি নাপালা বাবা?”
“জীৱনৰ লক্ষ্য মানে কি সেইটো কথা মই বুজি নাপালোঁ বুলি এতিয়া দেখোন তুমিহে বুজি পোৱা নাই। দিয়া চোন মা মোক অলপ বুজায়।”
“শুনা বাবা, জীৱনৰ লক্ষ্য মানে …তোমালোকে আজিকালি ইংৰাজীহে বেছিকৈ বুজান।ইংৰাজী ভাষা শিকাৰ লগতে মাতৃভাষাও শিকা উচিত বাবা।সেইবাবে আমি অসমীয়া ভাষা বিষয় হিচাপে থকা স্কুলত তোমাৰ নামভৰ্তিৰ কৰিছোঁ। বাৰু শুনা জীৱনৰ লক্ষ্য মানে এইম ইন লাইফ ।তোমাৰ এইম মানে লক্ষ্য কি? তোমাক দেখোন মই আগতে এই বিষয়ে কৈছোঁ।”
“কেতিয়া মা?”
“মনত পেলোৱা চোন ।”
” মনত পৰা নাই দেখোন মা। এতিয়া আকৌ এবাৰ বুজাই দিয়া চোন, মা।”
” শুনা , আমি যে তোমালোকক অনবৰতে পঢ়া- পঢ়া কৰি থাকোঁ; তোমালোকৰ ভালৰ হকে কাম কৰি থাকোঁ তাৰ এটা কাৰণ হৈছে।কাৰণটো কি জানা? কাৰণ এটাই।আমাৰ জীৱনৰ লক্ষ্য হৈছে তোমালোকক
ভাল মানুহ কৰি তোলা।তেনেদৰে প্ৰতিজন মানুহৰে জীৱনৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু সেই লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বলৈ মানুহে কাম কৰি থাকে, কষ্ট কৰি থাকে বাবা।”
” অলপ বুজিছো মা। যেনেকৈ আমাৰ কাষৰ খুৰাহঁতে ঘৰ বনাই আছে , তেওঁলোকৰ লক্ষ্য হৈছে ঘৰটো সোনকালে সম্পূৰ্ণ কৰা।”
“অ’ বাবা , ঠিকেই কৈছো তুমি। আমি অন্য এটা উদাহৰণেৰে কথাটো বুজোঁ আঁহা। আকাশত উৰি থকা চৰাইবোৰ দেখিছা নহয়। বাঁহৰ পৰা চৰাইবোৰ যেতিয়া ৰাতিপুৱাই ওলাই আহে চৰাইবোৰৰ লক্ষ্য হৈছে নিৰ্দিষ্ট ঠাই সোনকালেই গৈ পোৱাটো।”
” অ’ মা, চৰাইবোৰে বৰ কষ্ট কৰে ন?ইমান সোনকালে কেনেকৈ উঠে মা?”
” যেতিয়া মানুহৰ লক্ষ্য স্থিৰ থাকে তেতিয়া মানুহ শুই থাকিব নোৱাৰে বাবা।চৰাইবোৰ লক্ষ্য থাকে ।গতি থাকে ।সেইকাৰণেই শুই থাকিব নোৱাৰে। সোনকালে উঠে আৰু সোনকালে শোৱে। ইমান দূৰ যায় ডেউকা কোবাই- কোবাই আৰু ঘূৰিও আহে আপোন ঘৰলৈ, সোনকালেই।চৰাইবোৰৰ পৰা আমি আৰু এটা কথা শিকিব পাৰোঁ জানা বাবা।”
“কি মা, উৰিবলৈ ন মা।”
” অ’ অ’ সেইটো সঁচা কথা ।তাৰ লগতে শিকিব পাৰোঁ নিয়মানুবৰ্তীতা মানে ডিচিপ্লিন।তোমালোকক যে মই সদায়ে কৈ থাকোঁ Early to bed and early to rise, makes a man perfect and wise.চৰাইবোৰ সোনকালে শোৱে আৰু উঠে সোনকালে। সেইকাৰণে ইমান উৰিব পাৰে।আৰু তোমালোকে দেখোন পঢ়িছিলা rhyme টো Go to late stay very small, go to bed early grow very tall. ইমান কৈ থাকোঁ তথাপিও নুবুজা ন? নিয়মৰ মাজেৰে চলিলেহে ডাঙৰ মানুহ মানে ভাল মানুহ হ’ব পাৰিবা অয়ন।”
” বুজিম মা, আজিৰ পৰা বুজিম।”
“এইয়াহে আমাৰ ভাল ল’ৰা।পিছে এতিয়া কোৱাচোন তোমাৰ জীৱনৰ লক্ষ্য কি,বাবা?”
” তোমালোকৰ ভাল ল’ৰা হোৱা। “
” তুমি সঁচাই কৈছা নে বাবা? তোমাৰ উত্তৰে মোৰ মনত বৰ আনন্দ দিছে ।জানা বাবা, মানুহৰ যেতিয়া লক্ষ্য স্থিৰ থাকে , কোনেও তেওঁক বাধা দি ৰাখিব নোৱাৰে। পৰহি যে মই তোমাক মহাভাৰতৰ অৰ্জুনৰ কাহিনীটো কৈছিলোঁ মনত আছেনে তোমাৰ? আম গছ জোপাত অৰ্জুনে কেৱল চৰাইৰ চকুৰ মণিটোহে দেখিছিলে।একাগ্ৰতা, অধ্যৱসায় , সাধনা — এই শব্দ কেইটা তোমাৰ বাবে বৰ কঠিন হৈছে ।কিন্তু লক্ষ্যত উপনীত হ’বলৈ হ’লে এইকেইটা তোমাৰ অস্ত্ৰ। যেনে যেনে অসীম দাদাৰ কথাই চোৱা চোন তুমি। আমি প্ৰথম অসীম দাদাক লগ পাওঁতে তেওঁ ছিক্সত পঢ়ি আছিল।তেতিয়া তোমালোকৰ জন্ম হোৱাই নাই।আজি একাগ্ৰতা, অধ্যৱসায় আৰু কঠোৰ সাধনাৰে অসীম দাদাই সৰ্বভাৰতীয় ইউ পি এছ চিৰ আই .ই.এচ. পৰীক্ষাত মানে আমাৰ দেশৰ চোকা- চোকা ল’ৰা- ছোৱালীবোৰৰ মাজত অনুষ্ঠিত পৰীক্ষাত অসমৰ পৰা প্ৰথম হৈ তাকো একবাৰতে আৰু ইমান কম বয়সতে সফলতা লাভ কৰিছে।এইয়া সম্ভৱ হৈছে অসম গৌৰৱ তথা সুপুত্ৰ অভিযন্তা অসীমজ্যোতি গোস্বামীয়ে কৰা কষ্টৰ বাবেহে।জানা অসীম দাদাই সৰুতেই ঠিক কৰি লৈছিলে জীৱনৰ লক্ষ্য। আৰু আজি তেওঁ সফল মানে চাকচেচ হ’ল বাবা।
আৰু জানা যেনেকৈ দিনৰ চাকি বেলি, ৰাতিৰ চাকি জোন , তেনেকৈ সুপুত্ৰ মানে এ গুড চ’ন বংশৰ চাকি । ‘ সুপুত্ৰো দীপকঃ কুলে’ — বুলি সংস্কৃত ভাষাতো কৈছে। সুপুত্ৰ মানে যি নিজৰ বংশক নিজৰ গুণেৰে পোহৰাই তোলে।নহয় জানোঁ বাবা। বাৰু তোমাৰ ‘মোৰ জীৱনৰ লক্ষ্য ‘ কবিতাটো মনত আছে নে বাবা?”
‘ অ’ মা , তুমি যে মোক শিকাইছিলা।লক্ষ্যধৰ চৌধুৰী দেৱে লিখা।মনত আছে মা।”
” তেনে লক্ষ্য শব্দটো তুমি যোৱা বছৰ মানে দ্বিতীয় শ্ৰেণীতেই শুনিছা ন।নাই শুনা বুলি ক’লা কিয়?অলপ আগতে?আৰু শুনা, কবিতাটো ‘গজালিৰ লক্ষ্য ‘ নামেৰেহে আছে এখুদককাইদেউ মানে নৱকান্ত বৰুৱা দেৱে সম্পাদনা কৰা শিশু- কবিতা পুথি ‘মৰুৱা ফুল’ত।”
“মই পাহৰি গৈছিলোঁ মা। এতিয়াহে মনত পৰিলে।”
“বাৰু কবিতাটো মনত আছেনে গোৱা চোন এবাৰ।”
মাকৰ কথামতে অয়নে কবিতাটো আবৃত্তি কৰি শুনালে।মাক বৰ সুখী হ’ল আৰু ক’লে,
“বাৰু বাবা, আমাৰ বংশৰ চাকি মানে সুপুত্ৰ হোৱাৰ উপৰিও তুমি কি চাকৰি কৰিবা।আৰু কিয় কৰিবা?”
চকলেট , মিঠাই খাবৰ বাবে মা? “
“বাবা!!!”
” মই ধেমালি কৰিছিলোঁ মা।মা, তুমিয়েই কৈ থাকা চোন আমাৰ বংশত ডাক্তৰ নাই বুলি।”
“নাই আক’।”
” মই ডাক্তৰ হ’ম মা।মই মনে- মনে ডাক্তৰ হোৱাৰ সপোন দেখি থাকোঁ। কিন্ত সেই সপোনটোকেই যে জীৱনৰ লক্ষ্য বুলি কয় সেইটো এতিয়াহে বুজি পালোঁ। মা, মা, আৰু কি জানা নীলা বাইদেউৰ কবিতাত যে পুতলাৰ জ্বৰৰ কথা আছে ,সেই কবিতাটো পঢ়ি মোৰ বৰ ভাল লাগিছিলে জানা । আৰু তেতিয়াই মই ভাবিছিলোঁ যে মই ডাক্তৰ হ’ম আৰু মানুহৰ বেমাৰ ভাল কৰিম। যেনেকৈ ভয় নাই , ‘ভয় নাই বুলি পুতলাক বেজি দি ডাক্তৰে অসুখ ঠিক কৰিছিলে , তেনেকৈ। “
“তাৰ কাৰণে যে বহুত কষ্ট কৰিব লাগিব বাবা।বহুত পঢ়িব লাগিব।”
অ’ মা ? মই পঢ়িম মা।কষ্ট কৰিম।অন্য সময়ৰ কথা বাদেই দিয়া মা, ক’ৰণাৰ সময়ত যদি আমাৰ ডাক্তৰ নাথাকিলে হেতেন তেনেহ’লে কি হ’ল হয় আমাৰ গতি, এবাৰ ভাবাচোন মা?”
” তুমি বৰ ভাল কথা চিন্তা কৰিছা বাবা।”
“মই এজন ভাল ডাক্তৰ হ’ম আৰু সকলোৰে অসুখ ঠিক কৰিম মা।”
” আমাৰ আশীৰ্বাদ ।তোমাৰ সপোন পূৰা হওক।ঈশ্বৰে তোমাৰ মঙ্গল কৰক বাবা। ‘ মানৱ সেৱাই প্ৰকৃত সেৱা’ বুলি পঢ়িছিলা দেখোন কালি কিতাপত। ‘To serve man is to serve god’– কথাষাৰ তোমাৰ কিতাপত পঢ়িছাই ন বাবা। তুমি ডাক্তৰ হৈ মানুহক শুশ্ৰষা কৰিবা , তাতকৈ বেছি আমাক একো নালাগে বাবা। আমি তোমাক লৈ যাতে গৌৰৱ কৰিব পাৰোঁ বাবা।”
” আমাৰ অয়ন তেনে ডাক্তৰ হ’ব।”—- ইমান পৰে অয়ন আৰু মাকৰ কথা একান্ত মনে শুনি থকা দেউতাকৰ মাত শুনি অয়ন একে দৌৰে আহি দেউতাৰ কাষ পালেহি।ভায়েক অহনে ইতিমধ্যে বজাৰৰ পৰা অনা খেলাবস্তবোৰ মাক আৰু দাদাক দেখুৱাবলৈ ব্যাকুল হৈ পৰিছে।তাৰ মাজতে দেউতাকে ক’লে,” তোমালোকে জানানে আজি যে ‘ডাক্তৰ দিৱস’।ক’ব নোৱাৰাকৈয়ে পতা তোমালোকৰ কথায়ে আজিৰ এই দিনটোক বিশেষ কৰি তুলিলে ।ঊনৈশ শ তেত্ৰিশ চনত ডাঃ বি. চাৰ্লছ নামৰ এজন চিকিৎসকৰ পত্নীয়ে প্ৰথম ডাক্তৰ দিৱস পালন কৰিছিলে ।ঊনৈশ শ একানব্বৈ চনৰ ত্ৰিশ মাৰ্চৰ পৰা আমেৰিকাই এই দিৱসটো’ National Doctos Day’ হিচাপে পালন কৰি আহিছে ।জানা, ডাক্তৰক ভগৱানৰ ৰুপ বুলি আমি শ্ৰদ্ধা, সন্মান জনাও। ভালপাঁও ।তোমালোকলৈ মই সেয়ে থেচিচস্কোপ , বেজি আদি থকা খেলা বস্তু আনিছো।ব’লা , ব’লা প্ৰেক্টিছ কৰিবগৈ লাগে।প্ৰথম বেজিটো মোকেই দিবা দেই।হেৰা বেজি লোৱাৰ আগতে চাহ একাপ খাই লওঁ হে, আনা চোন সোনকালে। “— দেউতাকৰ কথাত হাঁহিৰ ৰোল উঠিল আমাৰ কণমানি ডাক্তৰ অয়নহঁতৰ ঘৰত আৰু বিয়পি পৰিল আমাৰো মন আকাশত।
গায়ত্ৰী দেৱী বৰঠাকুৰ, তেজপুৰ
শোণিতপুৰ