‘আমাৰ অসম’ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বঁটা প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- ‘আমাৰ অসম ‘ আৰু ‘অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ’ৰ, উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ – ছাত্ৰীৰ মাজত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত পৰিৱেশ বিষয়ক ৰচনা প্ৰতিযোগিতাত স্থান প্ৰাপকসকলক শনিবাৰে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত বঁটা প্ৰদান কৰা হয়। ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে সভাপতিৰ আসন গ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰ, বিশিষ্ট অতিথি অসম চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপানি বৰা উপস্থিত থাকি পৰিৱেশ বিষয়ক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । জি এল পাব্লিকেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সমীৰ আগৰৱালাই সন্মানীয় অতিথিক আদৰণি জনোৱাৰ লগতে মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে আদৰণী ভাষণ আগবঢ়ায়।