আমাক বৰ্তমান সময়ত ভুল শিক্ষা প্ৰদান কৰা হৈছে
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি,অসম
শিক্ষা হ’ল আমাৰ সুন্দৰ আৰু সুস্থ জীৱন গঠনৰ প্ৰধান বা মুখ্য আহিলা। কেৱল একমাত্ৰ শিক্ষাৰ জৰিয়তে আমি আমাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰোঁ। মই ইয়াতে কেৱল আনুষ্ঠানিক শিক্ষা লাভৰ বিষয়ে আলোচনা প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাই। কাৰণ আনুষ্ঠানিক শিক্ষা সিমিত সময়ৰ পিছত সমাপ্ত হৈ যোৱা পৰিলক্ষিত হয়। কিন্তু এজন মানুহ হৈ জন্ম গ্ৰহণ কৰাৰ পিছত প্ৰকৃত অৰ্থত এজন মানুহ হিচাপে গড় লৈ উঠিবলৈ কেৱল আনুষ্ঠানিক শিক্ষায়ে যথেষ্ট নহয়। ফলত আনুষ্ঠানিক শিক্ষা হ’ল আমাক মানুহৰ পৰা প্ৰকৃত মানুহ ৰূপত গঢ়ি তুলিবলৈ কেৱল এক মাধ্যমহে। সেয়েহে মানুহে জন্মৰ পিছৰে পৰা ভবিষ্যতে গৈ প্ৰকৃত অৰ্থত এজন মানুহ হিচাপে গঢ় লবলৈ চেষ্টা অব্যাহত ৰখা উচিত। এতিয়া কথা হ’ল এজন মানুহৰ পৰা আৰম্ভ কৰি প্ৰকৃত অৰ্থত এজন মানুহ হিচাপে গঢ় লৈ উঠিবলৈ কি কি দিশত কাম কৰা উচিত হ’ব বুলি হয়তো প্ৰায়বোৰ মানুহ মন, মস্তিষ্কত অবশ্য প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে নহয়নে ? আচলতে ইয়াৰ উত্তৰ বিচাৰি ইমান হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমাতকৈ বহু আগতে আমাৰ বুদ্ধিজীৱী বা মাহাত্মা সকলে ধৰ্ম গন্থবোৰৰ পৰা আৰম্ভ কৰি এনে বহুতো পুথি ৰচনা কৰি থৈ গৈছে যিবোৰ পৰা আমি আমাৰ জীৱনক এক সুন্দৰ ৰূপত অংকন কৰিবলৈ সক্ষম হম। আচলতে মাহাত্মা সকলৰ দ্বাৰা ৰচিত হোৱা সেই বাণীসমূহ তাৎপৰ্য বা মহত্ব আমাৰ সৃষ্টিৰ অন্তিম সময়লৈকে সমানে প্ৰযোজ্য হৈ থাকিব। আৰু যিবোৰ মানুহ ইয়াক হবহু অনুকৰণ কৰি চলিবলৈ চেষ্টা অব্যাহত ৰাখিব তেখেত সকলো এই সৃষ্টিতে সমস্ত সুখৰ অধিকাৰী হৈ পৰিব আৰু অন্যান্য যিমানবোৰ মানুহ এই দিশবোৰৰ পৰা আতঁৰি আহি নিজাকৈ সিদ্ধান্ত স্থাপন কৰি আগবাঢ়ি যাবলৈ প্ৰয়ত্ন কৰে তেওঁলোকৰ হাতত সুখী হোৱাৰ সমস্ত সাধনবোৰ নিজৰ লগতে বিৰাজমান হোৱাৰ পিছতো সুখী জীৱনৰ সন্ধান হাবাথুৰি খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰিব ।
এতিয়া আহো আলোচনাৰ মূল বিষয়বস্তুলৈ। আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰিলে গম পাব যে,আমাক বৰ্তমান সময়ত ভুল শিক্ষা প্ৰদান কৰা হৈছে। কাৰণ আমি বৰ্তমান সময়ত প্ৰতিজন মানুহে পদ, প্ৰতিষ্ঠা আৰু সম্পত্তি অৰ্জন কৰাৰ পিছত উঠি পৰি লাগিবলৈ আৰম্ভ কৰি দিছোঁ। কিন্তু এই প্ৰতিযোগিতা মূলক জীৱনৰ প্ৰক্ৰিয়া গঠনৰ আৰতে আছে সুখী জীৱনৰ সন্ধান। বৰ্তমান সময়ত আমাৰ মাজতে এনে অসংখ্য উদাহৰণ আছে যিবোৰ মানুহ পদ, প্ৰতিষ্ঠা আৰু অজস্ৰ ধন, সম্পত্তিৰ অধিকাৰী হোৱাৰ পিছতো জীৱনত প্ৰকৃত অৰ্থত সুখ,শান্তি আয়ত্ত কৰাৰ পৰা বিৰত হৈ আহিছে বা বিৰত হৈ আছে। মই এইখিনিতে এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ যে, আমি মানুহ হিচাপে জন্ম গ্ৰহণৰ পিছতে পদ, প্ৰতিষ্ঠা বা ধন, সম্পত্তি অৰ্জন কৰাটো এক অপৰিহাৰ্য্য অংগ। কিন্তু বৰ্তমান সময়ত আমি নিজৰ জীৱনৰ আচল স্বৰূপক পৰিহাৰ কৰি কেৱল ধন, সম্পত্তি অৰ্জন বা পদ, প্ৰতিষ্ঠা লাভৰ পিছতে এক অন্তহীন প্ৰক্ৰিয়াত অবতীৰ্ণ হৈছোঁ কিন্তু কেৱল সুখৰ সন্ধানত নহয়নে ? আমি জন্মৰ পিছৰে পৰা এটি শিশুৰ পিছত এনেদৰে লাগিছো যে আমাৰ মানৱ জীৱনৰ মহত্ব কেৱল মাত্ৰ পদ, প্ৰতিষ্ঠা বা ধন সম্পত্তি অৰ্জন মাজতে সীমাবদ্ধ। কিন্তু এই সকলোবোৰ বিষয়বস্তু আয়ত্ত কৰাৰ পিছতো আমি নিজকে সুখী বুলি কবলৈ সক্ষম হয়নে? আমি এতিয়ালৈকে হয়তো সকলোৱে কৃত্ৰিম বা ভৌতিক বস্তুবোৰৰ জৰিয়তে জীৱনত সুখৰ সংজ্ঞা বিচাৰি ফুৰিছো। কিন্তু প্ৰকৃত অৰ্থত সুখৰ সংজ্ঞাবোৰ আধ্যাত্মিক জগতৰ পৰা অৰ্জন কৰিব পাৰি। আৰু আধ্যাত্মিক জগতৰ পৰা আয়ত্ত কৰা সুখৰ সংজ্ঞাবোৰ চিৰস্থায়ী হৈ পৰে। আচলতে আধ্যাত্মিক জ্ঞান অৰ্জনৰ বাবে আমি কেৱল বাবাৰ ৰূপ ধাৰণ কৰি হিমালয়ত গৈ কেৱল তপ,যপৰ জৰিয়তে আয়ত্ত কৰাটো সম্ভৱ এনে কোনো ধৰাবন্ধা কথা নাই। আমি পদ,প্ৰতিষ্ঠা বা অজস্ৰ ধন সম্পত্তি অৰ্জনৰ লগে লগেই জীৱনৰ প্ৰকৃত সত্ত্বাক সজীৱ কৰি তুলিবলৈ সক্ষম। ইয়াৰ বাবে আনকি আধ্যাত্মিক পুথিগত জ্ঞান অৰ্জনৰ কোনো প্ৰয়োজন নাই। কেৱল মাত্ৰ আমাৰ জন্মৰ পিছৰে পৰা নিজ নিজ মন, মস্তিষ্ক, জ্ঞানৰ জৰিয়তে প্ৰকৃতি,পৰিয়াবৰন, মানুহ গঠন, মানুহৰ স্বভাৱ, চৰিত্ৰ, জীৱনৰ নেতিবাচক আৰু ইতিবাচক দিশবোৰক গভিৰতাৰে বিশ্লেষণ কৰিবলৈ প্ৰয়ত্ন কৰিলেই জীৱনৰ আচল স্বৰূপক সকলোবোৰ সুস্থ,সবল মানুহে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। সচা অৰ্থত কবলৈ গ’লে আধ্যাত্মিক জগতখনেও সৰু, সৰু সাধাৰণ কথাবোৰত সম্পৰ্ক স্থাপনকে বুজায়। কিন্তু অতি দোষৰ বিষয় বৰ্তমান সময়ত আমি কেৱল এক যান্ত্ৰিক মানব আৰু কেৱল মাত্ৰ সুখৰ সন্ধানত আচল অস্তিত্বৰ পৰা আহি প্ৰতিজনে নিজ নিজ জীৱনত নিজৰ সিদ্ধান্ত স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে বৰ্তমান সময়ত আমি ভুল শিক্ষা গ্ৰহণ কৰি আছোঁ নে উচিত শিক্ষা গ্ৰহণৰ দিশে অগ্ৰসৰ হৈ পৰিছো এতিয়া ইয়াৰ নিৰ্ণয়বোৰ কেবল আপোনালোকলৈ আগবঢ়ায় দিছোঁ।