“আমাক এটা প্ৰজন্ম লাগে”- মুন শৰ্মা, লখিমপুৰ,

p.c- wikipedia
“আমাক এটা প্ৰজন্ম লাগে”
মুন শৰ্মা, লখিমপুৰ,
________________________________________
আমাক এটা প্ৰজন্ম লাগে,
সেউজ প্ৰীতি এমুঠি মানুহ,
হৃদয়ৰ প্রতি কোণত সেউজীয়া প্ৰেম,
বন্ধুত্বৰ এনাজৰী সেউজৰ লগত।
হেৰাই যাব ধৰাৰ বুকুত সেউজীয়াৰ কান্দোন ,
উৰিব ধৰাৰ বুকুত তেতিয়া!
 সেউজীয়া হাঁহিৰ মুঠি মুঠি হাঁহি,
বিচাৰি পাব মুঠি মুঠি আমাৰে মৰম,
প্ৰতিদানত  সেউজে মেলি দিব দুখনি হাত,
আলফুলে সাৱটি এৰিব বিৰহবিহীন জীৱন জীয়া বাট।
কিয় জানে…..
কাৰণ যে নাথাকিব সেউজৰ তাত,
সংহাৰ, তাণ্ডৱ অন্তত হ’ব,
ভাৰসাম্য পৰিৱেশ বিৰাজ যে হ’ব ধৰাৰ বুকুত।
_______________________