আমাক এখন দুৰ্ঘটনা মূক্ত অসম লাগে
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
বৰ্তমান সময়ত অসমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে দুৰ্ঘটনাৰ সংখ্যা। প্ৰতিদিনে এনেকুৱা দুৰ্ঘটনাৰ ফলত শ শ মানুহৰ মৃত্যু হৈ আছে। প্ৰতিদিনে এনেকুৱা দুৰ্ঘটনাৰ ফলত শ শ মানুহৰ সপোন মৰহি গৈছে। শ শ মা’ৰ কোল খালী হৈ গৈছে। কিছুমান যুৱক-যুৱতীয়ে সুৰা পান কৰি দ্ৰুতগতিত বাহন চলায় নানা সময়ত নানা ধৰণৰ দুৰ্ঘটনাৰ সংঘটিত কৰা পৰিলক্ষিত হয়। সুৰাৰ ৰাগিত মাতাল হৈ দ্ৰুতগতিত বাহন চলায় কিছুমান নিৰিহ লোকক মহতিয়া লৈ যায়। এনেকৈয়ে মৃত্যু মুখত পৰিছে প্ৰতিদিনে শ শ সাধাৰণ মানুহ। এতিয়া প্ৰশ্ন হয় যে- আমাৰ অসমখন কেতিয়া দুৰ্ঘটনা মূক্ত হব। ভৱিষ্যতে আমাৰ অসমত দুৰ্ঘটনাৰ সংখ্যা হ্রাস হব নে? এনেকুৱা দুৰ্ঘটনা সংঘটিত কৰা সকলোৰ বিৰুদ্ধে যদি চৰকাৰ প্ৰশাসনে কঠিন পদক্ষেপ গ্রহণ কৰে তেতিয়া হলে এনেকুৱা দুৰ্ঘটনাৰ সংখ্যা কিছু পৰিমাণে হ্রাস হব। যদি এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কোনো পদক্ষেপ গ্রহণ নকৰে তেতিয়া হলে এনেকুৱা দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পায় থাকিব। চৰকাৰ প্ৰশাসনে যদি কোনো কঠিন পদক্ষেপ গ্রহণ নকৰে তেতিয়া হলে দুৰ্ঘটনা সংঘটিত কৰাসকলোক প্ৰতিদিনে এনেকুৱা দুৰ্ঘটনা সংঘটিত কৰি থাকিব। সেয়েহে- চৰকাৰ প্ৰশাসনলৈ বিনম্র অনুৰোধ জনাওঁ এনেকুৱা দুৰ্ঘটনা সংঘটিত কৰা সকলোৰ বিৰুদ্ধে কঠিন ব্যবস্থা গ্রহণ কৰক আৰু আমাৰ সাধাৰণ মানুহবোৰক এখন সুন্দৰ জীৱন যাপন কৰাত সহায় কৰক।