আমাক এখন আইনৰ প্ৰয়োজন – মুন শৰ্মা

আমাক এখন আইনৰ প্ৰয়োজন
মুন শৰ্মা, লখিমপুৰ, বছাগাঁও
এখন আইন প্ৰস্তুত কৰক শাসক পক্ষই  ব্যবস্থা লওঁক উচিত পদক্ষেপ হাতত লওঁক। নহলে এতিয়াই বিপদে আৱৰা আমাৰ  মাতৃভাষা অধিক বিপদলৈ কৰিব গতি।সাম্প্ৰতিক সময়ত অসমতে অসমীয়া ভাষাৰ যি অৱস্থা হৈছে সেয়া যাতে চিৰদিনলৈ অন্ত পৰে আৰু কোনেও কৰিব নোৱাৰিব আমাৰ ভাষাৰ লগত ল’ৰা ধেমালি। তাৰ কামনাৰে আমি সকলোৱে আহ্বান জনালোঁ আৰু লগতে এটা কথা শাসক পক্ষক বুজাই দিব বিচাৰো যে আজি কিছু বছৰৰ পৰা  অসমীয়া ভাষাক বিভিন্ন ধৰণে  বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠানে  অনাদৰ, অৱহেলা উপলুঙা কৰি অসমীয়া উঠাই অন্য কিবা কৰাৰ প্ৰচেষ্টা চলাই আছে বাবে আমাৰ শাসক বা প্ৰতি খন চৰকাৰে গুৰুত্ব নিদিয়া বা এই কাৰ্যত  উচিত পদক্ষেপ হাতত লোৱা নাই বাবেই  একাংশ অসমীয়া বিৰোধী মানুহে কাৰ্য বোৰ কৰিবলৈ সাহ পায়  মুক্ত মনে কৰি আছে বুলি ভাবো। কাৰণ কোনে কি কৰিব!ভয় বা কিহৰ! গতিকে  বৰ্তমানৰ মহামান্য চৰকাৰ খনে  কথাটো গভীৰ বাবে লৈ এখন শক্তিশালী আইন প্ৰস্তুত কৰি উচিত পদক্ষেপ ল’বলৈ এজন অসমীয়া মানুহ হিচাপে অনুৰোধ জনালোঁ।