আমছুক নিষিদ্ধ ঘোষণা কৰাৰ দাবী হিন্দু সুৰক্ষা সেনা,অসমৰ

আমছুক নিষিদ্ধ ঘোষণা কৰাৰ দাবী হিন্দু সুৰক্ষা সেনা,অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা,আমছুক বেআইনী তথা নিষিদ্ধ ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে হিন্দু সুৰক্ষা সেনা , অসমে ৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই দাবী উত্থাপন কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ আৰু কেন্দ্ৰীয় সম্পাদক মিঠুন দাসে কয় যে – অসম আন্দোলনৰ সময়ত আছুক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে সৃষ্টি কৰা আমছু দৰাচলতে ‘সংখ্যালঘূ’ আৰু ‘ছাত্ৰ’ শব্দ দুটাৰ আঁৰ লৈ চলি থকা এটা অ’ভাৰগ্ৰাউণ্ড জেহাদী সংগঠনহে আৰু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰেই নিৰাপত্তাৰ স্বাৰ্থত এই ছদ্মবেশী জেহাদী সংগঠনটো অচিৰেই নিষিদ্ধ ঘোষিত হোৱা উচিত ৷ বিবৃতিটোত নেতাদ্বয়ে কয় যে – জন্মলগ্নৰেপৰাই আমছুৱে অসমত ইছলামিক সম্প্ৰসাৰণবাদ তথা খিলঞ্জীয়া বিৰোধী মুছলিম আগ্ৰাসনৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ বাহিৰে অন্য একো কৰা নাই আৰু বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰতিটো প্ৰচেষ্টাতে ই প্ৰত্যক্ষ – পৰোক্ষভাৱে বাধা দিবলৈহে অপচেষ্টা চলাই আহিছে ৷ শেহতীয়াভাৱে ধুবুৰীত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ হ’বলৈ খোদ মুখ্যমন্ত্ৰীয়ে আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিয়াৰ পাছত আমছুৱে এইক্ষেত্ৰত প্ৰশাসনক সহায় কৰাৰ সলনি আৰক্ষী-প্ৰশাসনৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ বিবৃতি যুদ্ধ চলোৱা কথাটোলৈ আঙুলিয়াই দি সেনাৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে অসমত আমছুৰ অস্তিত্ব থকালৈকে বিদেশী চিনাক্তকৰণ , বহিস্কৰণ , গৰুৰ চোৰাং বেপাৰৰ নিচিনা অপৰাধী কাৰ্যকলাপ আৰু মৌলবাদী কাৰ্যপন্থা ৰোধত প্ৰশাসন সদায় সমস্যাৰ সন্মুখীন হৈ আহিব বুলি মন্তব্য আগবঢ়ায়৷ একেটা বিবৃতিতে তেওঁ এইটোও কয় যে – মূলত: পূৰ্ববংগীয় বা বাংলাদেশী মূলৰ মিঞা মুছলমানৰ এই সংগঠনটোত অসমৰ একাংশ খিলঞ্জীয়া মুছলমান জড়িত হৈ পৰাটো অতি পৰিতাপৰ কথা ৷ যদিহে অসমৰ খিলঞ্জীয়া মুছলমানসকলে বৃহত্তৰ অসমীয়া সমাজখনে তেওঁলোকক মিঞা মুছলমানতকৈ পৃথক দৃষ্টিৰে চোৱাতো বিচাৰে , তেনেহ’লে সংশ্লিষ্ট খিলঞ্জীয়া মুছলমানসকলে আমছুৰ নিচিনা মিঞা মুছলমানৰ জেহাদী সংগঠনসমূহৰ সংস্পৰ্শ ত্যাগ কৰিব লাগিব বুলিও নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে ৷