আবেলিৰ ৰং – দিপ্তী মনি গোস্বামী

অণুগল্প
আবেলিৰ ৰং
 দিপ্তী মনি গোস্বামী, লখিমপুৰ
শৈশৱ কৈশোৰ যৌৱনৰ বেলাত নীলা চিঞাঁহী আৰু বগা কাগজৰ প্ৰেমত হাবু-ডাবু খোৱা সৰলাজনীয়ে আইতা হোৱাৰ পাছত হ’লেও প্ৰথম প্ৰেমৰ আধৰুৱা অনুভূতিৰ সান্নিধ্য কিঞ্চিৎ লাভ কৰিবলৈ কিছু সক্ষম হৈছিল, কিন্তু এতিয়াও সমৰ্থকৰ অভাৱ! হ’লেও তালৈ ভ্ৰুক্ষেপ নকৰি আজি আইতাই আবেলিৰ বেলিত ৰামধেনু আঁকে নিজানত নিৰলে অকলসৰে।