আবকাৰী বিষয়া পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা ৪৭,৩০,৫০০ টকা উদ্ধাৰ 

আবকাৰী বিষয়া পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা ৪৭,৩০,৫০০ টকা উদ্ধাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  জনতা ভৱনত ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা আবকাৰী বিষয়া পাৰ্থ হাজৰিকাৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে। জনতা ভৱনৰ কৰ্মচাৰী পাৰ্থ হাজৰিকৰ ঘৰত লাখে-লাখে টকা উদ্ধাৰ হোৱা লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । বুধবাৰে পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক ।আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।