আফগানিস্তানত ৫.৬ প্রাবল্যৰ ভূমিকম্প
ৰঙিলী বাৰ্ত্তাসেৱা- পুৱাই ভূমিকম্পই জোঁকাৰি গ’ল আফগানিস্তানক। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজি (NCS)ৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬ । আজি পুৱা ০৪:৪৩ বজাত সংঘটিত হয় এই ভূমিকম্প। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্রই জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ১২১ কিলোমিটাৰ (৭৫ মাইল) গভীৰতাত। ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু বাগলানৰ পৰা ১৬৪ কিলোমিটাৰ পূবে।