আফগানিস্তানত ভূমিকম্পত মৃতকৰ সংখ্যা বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ৬.৩ প্রাবল্যৰ ভূমিকম্পই কেইবাখনো প্রদেশ বিধ্বস্ত কৰাৰ কেইঘণ্টামান পাছত পুনৰ ৫.২ প্রাবল্যৰ ভূমিকম্পই আফগানিস্তানক জোকাৰি যায়। ৬.৩ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত অঞ্চলৰ ধ্বংসস্তূপৰ মাজৰ পৰা মৃতদেহ ওলাই আছে। সোমবাৰে ৮০০তকৈ অধিক মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মঙলবাৰে পুনৰ ৬০০ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াকে লৈ ভূমিকম্পত মৃত্যু ঘটা লোকৰ সংখ্যা ১,৪০০লৈ বৃদ্ধি পাইছে। মৃত্যু উপত্যকাত পৰিণত হোৱা আফগানিস্তানত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। এই ভয়াৱহ ভূমিকম্পটোৰ ফলত ১,৪০০তকৈ অধিক লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে তিনি হাজাৰতকৈ অধিক লোক আহত হৈছে। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। ভূমিকম্পৰ জোকাৰণিত প্রকাণ্ড অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। কুনৰ আৰু নানগৰহৰ প্ৰদেশৰ অধিকাংশ জিলাতেই ভূমিকম্পই ধ্বংসলীলা চলাইছে। সর্বাধিক প্রাণহানি আৰু ক্ষতিৰ সন্মুখীন হৈছে কুনৰ প্ৰদেশ। পাহাৰীয়া অঞ্চল হোৱাৰ বাবেই ভূমিকম্পৰ ফলত শিল-মাটি খহি আহি পথবোৰ বন্ধ কৰি পেলোৱাত যাতায়াত ব্যাহত হৈ পৰিছে। ফলস্বৰূপে উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। উদ্ধাৰ অভিযান যিমানেই ক্ষিপ্ৰতৰ হৈছে সিমানেই ধ্বংসস্তূপৰ পৰা মৃতদেহ ওলাই আছে। ঠায়ে ঠায়ে আহত লোক উদ্ধাৰ হৈ আছে। চৰকাৰে প্ৰকাশ কৰা মতে, মৃতকৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত।