আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলিল ইডিৰ অভিযান

আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলিল ইডিৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগত আম আদমী পাৰ্টিৰ নেতা তথা প্রাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ বাসগৃহত আজি পুৱা কেন্দ্ৰীয়  তদন্তকাৰী  সংস্থা  এনফৰ্চমেণ্ট  ডাইৰেক্টৰেট  চমুকৈ ইডিয়ে অভিযান চলাইছে।তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ (মানি লণ্ডাৰিং) অভিযোগ উত্থাপিত হৈছে। প্রাপ্ত তথ্য অনুসৰি, আপ নেতাগৰাকী চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীত জড়িত  থকাৰ  অভিযোগ  উত্থাপন  হৈছে  আৰু  এই  গোচৰতে  ইডিয়ে চলাইছে অভিযান সৌৰভ ভৰদ্বাজৰ বাসগৃহৰ লগতে চিকিৎসালয় নিৰ্মাণৰ সৈতে জড়িত কোম্পানীসমূহৰ মুঠ ১৩টা স্থানত ইডিয়ে এই অভিযান চলাইছে। উত্থাপিত এই চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীৰ মূল্য প্ৰায় ৫৫৯০ কোটি টকা বুলি প্ৰকাশ পাইছিল। ২০১৮-১৯ চনত দিল্লী চৰকাৰে ২৪খন হাস্পতাল নিৰ্মাণৰ বাবে ৫,৫৯০ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনাইছিল। ৬ মাহৰ ভিতৰত আই চি ইউ হাস্পতাল নিৰ্মাণৰ কথা আছিল, কিন্তু তিনি বছৰৰ পিছতো কাম অসম্পূর্ণ হৈ আছে। এই প্রকল্পসমূহৰ কেইবাটাও গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। ৮০০ কোটি টকা খৰচ হোৱাৰ পিছতো কেৱল ৫০% কাম সম্পূর্ণ হৈছে। এল এন জে পি হাস্পতালৰ খৰচ ৪৮৮ কোটি টকাৰ পৰা বাঢ়ি ১,১৩৫ কোটি টকা হৈছে, তথাপিও কামৰ গতি অতি লেহেমীয়া। কেইবাটাও স্থানত অনুমোদন অবিহনে নির্মাণ কাম আৰম্ভ কৰা হৈছিল আৰু ঠিকাদাৰৰ ভূমিকা সন্দেহজনক বুলি পোৱা গৈছে।২০১৬ চনৰ পৰা এই প্রণালী অমীমাংসিত হৈ আছে, যাক জানি-বুজি পলম কৰাৰ অভিযোগ উঠিছে। প্রাক্তন স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্র জৈন এই কেলেংকাৰিৰ তদন্তৰ আওতাত আছে। এই বিষয়ত ED-য়ে এটা ECIR (Enforcement Case Information Report) পঞ্জীয়ন কৰিছিল। সৌৰভ ভৰদ্বাজে পূৰ্বতে দিল্লী বিধানসভাৰ গ্ৰেটাৰ কৈলাশ নির্বাচনী এলেকাৰ প্ৰতিনিধিত্ব কৰিছিল আৰু আপ চৰকাৰত স্বাস্থ্য, নগৰ উন্নয়ন আৰু জলৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল। উল্লেখযোগ্য যে এই বিষয়সমূহৰ সন্দৰ্ভত আম আদমী পার্টীয়ে চৰকাৰৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছিল।