আপৰ ৰাজ্যিক কাৰ্যালয়ত শ্বহীদ ভগৎ সিঙৰ জন্মদিন পালন
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টিৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত পালন কৰা হয় শ্বহীদ ভগৎ সিঙৰ ১১৭ সংখ্যক জন্মদিন । কাৰ্যসূচীত আপৰ নেতা – কৰ্মী সকলে পৰাধীন ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰামৰ নেতৃত্ব দি প্ৰাণাহুতি দিয়া শ্বহীদ ভগৎ সিঙৰ প্ৰতিকৃতিত পুষ্প অৰ্ঘ নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছত তেওঁৰ আত্ম বলিদান সন্দৰ্ভত ভাষণ দিয়ে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ, মুখপাত্ৰ পুনম গগৈ আৰু দিব্যজ্যোতি কুলীয়ে। শ্বহীদ ভগৎ সিঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোকে নিস্বাৰ্থ ভাৱে দেশৰ আৰু সমাজৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায়। কাৰ্যসূচীত আপৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ নেতা ধনবীৰ শৰ্মায়ো ভাষণ দিয়ে।