আপৰ বৰ্দ্ধি’ত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন
“ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা
অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ তৃতীয় বৃহৎ ৰাজনৈতিক দল আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৰ্দ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি দলটোৰ গণেশগুৰিস্থিত লক্ষিমীনগৰ পথৰ ৰাজ্যিক কাৰ্যালয়ত অনুস্থিত হয় ৷ দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ড০ ভৱেন চৌধুৰীৰ পৌৰহিত্যত অনুস্থিত সভাত ৰাজ্যিক বিষয়ববীয়া, জিলাসমুহৰ সভাপতি সাধাৰণ সম্পাদকসকল আৰু ভাতৃ সংগঠনৰ ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদকসকল য়ে অংশগ্ৰহণ কৰে ৷ এক প্সংবাদমেল যোগেদি সভাত গ্ৰহণ কৰা সিদ্ধান্তসমুহ সদৰী কৰি ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে কয় যে, ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১২৬ টা বিধানসভা সমষ্টিত অকলেই প্ৰতিদ্বন্দিতা কৰিব ৷ তেখেতে কয় যে, বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ দুটা পিঠি, গতিকে এই দুটা দলৰে মিত্ৰতা অসম্ভৱ ৷ সংবাদমেলত বক্তব্য আগবঢ়াই আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই কয়, আম আদমি পাৰ্টীয়ে দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ অৱসান ঘটাই কাম আৰু সততাৰ ৰাজনীতি প্ৰতিস্থা কৰিব বিচাৰিছে ৷ বৰ্তমানৰ দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত আছে কেৱল দুৰ্নীতি – ভ্ৰষ্টাচাৰ, স্বজন – তোষণ আৰু ভুৱা প্ৰতিশ্ৰুতি ৷ কংগ্ৰেছ আৰু বিজেপি এই ব্যৱস্থাৰ দ্বাৰা বান্ধ খাই আছে ৷ গতিকে ইয়াৰ যিকোনো এটা দলেৰে মিত্ৰতা কৰা মানে আমাৰ লক্ষ্য – উদ্দেশ্যৰ পৰা আঁতৰি অহা ৷ বৰ্তমান অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজীব শইকীয়াই কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই উচ্ছেদ আদানী, আম্বানী, ৰামদেৱ আৰু শ্বাহ উপাধিৰ এজন বিজেপি নেতাৰ স্বাৰ্থত কৰিছে ৷ গতিকে আপ য়ে ৰাইজৰ স্বাৰ্থত ইয়াৰ বিৰোধীতা কৰি যাব ৷ অন্যহাতে তেওঁ কয় যে, আম আদমি পাৰ্টী, অসম উন্নয়ণ বিৰোধীও নহয় আৰু উদ্যোগ স্থাপনৰো বিৰোধী নহয় ৷ কিন্তু সাধাৰণ ৰাইজৰ ওপৰত বলপ্ৰয়োগ কৰি আৰু অধিকাৰ খৰ্ব কৰি কৰা উচ্ছেদৰ আমি বিৰোধীতা কৰোঁ ৷ আমাৰ স্পষ্ট কথা — আম আদমি পাৰ্টীয়ে কৃষি ভিত্তিক ৰাজ্য অসমৰ কৃষকৰ কৃষি ভুমি সংকোচিত কৰি যিকোনো উদ্যোগ, প্ৰকল্প স্থাপন কৰিবলৈ লোৱা প্ৰস্তাৱৰ বিৰোধ কৰি যাব ৷ একেদৰে বনাঞ্চল, যুগ যুগ বসবাস কৰি থকা জনাঞ্চল, জলাশয়, পৰ্বত পাহাৰ আৰু ষষ্ঠ অনুসূচী এলেকাত চৰকাৰী উচ্ছেদ কাৰ্যৰ আম আদমি পাৰ্টী ঘোৰ বিৰোধী বুলি আপৰ নেতাজনে উল্লেখ কৰে ৷ সংবাদমেল সম্বোধল কৰি দলটোৰ ৰাজ্যিক উপ সভানেত্ৰী অনুৰূপা ডেকাৰাজা য়ে কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘২১ ৰ নিৰ্বাচনী প্ৰচাৰত ঘোষণা কৰিছিল যে ভুমিহীন লোকক চৰকাৰ গঠনৰ এমাহৰ ভিতৰত মাটিৰ পট্টা প্ৰদান কৰিব ৷ সেই কাম কৰা হ’লে আজি উচ্ছেদ অভিযান অপ্ৰয়োজন হৈ পৰিলহেঁতেন ৷ ডেকাৰাজাই শীঘ্ৰে উচ্ছেদ কাৰ্য বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ অক্টোবৰত অৰবিন্দ কেজৰীৱালৰ উপস্থিতিত গুৱাহাটীত বিশাল সমাৱেশঃ চলিত বৰ্ষৰ অক্টোবৰ মাহত অৰ্থাৎ দূৰ্গা পূজাৰ আগে পিছে আম আদমি পাৰ্টীয়ে গুৱাহাটীত এক বিশাল সমাৱেশ অনুস্থিত কৰিব ৷ এই সমাৱেশত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰীৱালে দলৰ বুথ কাৰ্যকৰ্তা, পঞ্চায়ত কাৰ্যকৰ্তা, মণ্ডল কাৰ্যকৰ্তা আৰু জিলা কাৰ্যকৰ্তাসকলৰ লগতে অসমবাসী ৰাইজক সম্বোধন কৰিব বুলি দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই জানিবলৈ দিছে৷ আগষ্টৰ পৰা নৱেম্বৰলৈ “ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী” — অহা আগষ্ট ৰ পৰা নৱেম্বৰ মাহলৈ আম আদমি পাৰ্টীৰ কাৰ্যকৰ্তাসকলে “ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী” ৰূপায়ণ কৰিব ৷ এই সময়ছোৱাত দলটোৰ কাৰ্যকৰ্তাসকল ৰাজ্যবাসীৰ ঘৰে ঘৰে গৈ দলৰ প্ৰচাৰ চলাই ৰাইজৰ আৰ্শীবাদ বিচাৰিব ৷ অপূৰ্ব বিকাশ দলেক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি ৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু আপৰ জ্যেষ্ঠ নেতা বল্লভ পাত্ৰক কামৰূপ মহানগৰ জিলাৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে বুলি দলটোয়ে প্ৰকাশ কৰিছে ৷ এই সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক ( প্ৰশাসন ) ভিক্টৰ গগৈও উপস্থিত আছিল ৷