অণুগল্প
আপোন
ৰুক্মিণী দাস শ্রীহাটী
হিয়াৰ মৃত্যুৰ খবৰটো পাই গিৰিয়েক ৰতন শোকত ম্ৰিয়মান হৈছিল ।কাৰণ ঘৰখনত একমাত্ৰ সিহঁত হালেই আছিল । সি বলীয়াৰ দৰে হল , কি কৰিব কি নকৰিব ,কাৰ আশাত সি বাৰু জীয়াই থাকিব ? এদিন কোনেও নজনাকৈ ৰতনে ওচৰৰত নৈ খনকে আপোন কৰি ল’লে ।