আপোন মানুহবোৰক এৰি থৈ….
কিছুমান সম্পৰ্ক তেজৰ নহ’লেও
আপোন হৈ পৰে সংগোপনে
যিদিনা বিচ্ছিন্ন হৈ যায়
হৃদয়ৰ নিভৃত কোণৰপৰা
ওলাই আহে
এৰি থৈ যোৱাৰ বেদনা…
মুখবোৰ ভাঁহি উঠিব দুচকুত
শব্দবোৰ গুঞ্জৰিত হৈ উঠিব কৰ্ণগহ্বৰত
পাৰ কৰা মূহুৰ্তবোৰ স্মৃতি হৈ
আমনি কৰি থাকিব
ভাবনাৰ সাগৰত…
নন্দেশ্বৰ মিলি