আপোনাৰ শিশুটিক মুক্ত মনে ডাঙৰ হ’বলৈ দিয়ক
ঘৰখনৰ বা সমাজৰ কিছুমান ভুল, দোষৰ বাবে বাল্যকালত বহুতো শিশুৰ স্বভাৱত ইৰ্ষা, লাজ, ভয়, সংকোচ ভাবৰ সৃষ্টি হয় আৰু এই ভাববোৰে শিশুৰ শিক্ষা-দীক্ষা আদিত কু-প্ৰভাৱ পেলোৱা দেখা যায়। শিশু অৱস্থাতে যদি মনত লজ্জাবোধ, ইৰ্ষা, সংকোচভাবৰ সৃষ্টি হয় তেতিয়া তেনে শিশুৱে খেলা-ধুলা কৰাত বা নিজৰ অনুভূতি প্ৰকাশ কৰাত ব্যৰ্থ হয়, যাৰ ফলত শিশুৰ সৰ্বাংগীন বিকাশত বাধা হয়। লাজভাবে ভয়, উদ্বেগ, অশান্তি, অস্বস্তি আদিৰ সৃষ্টি কৰে। শিশুৱে যাতে তাৰ কোমল মনত লাজভাবৰ গঢ় নিদিয়ে তাৰ বাবে বিশেষকৈ অভিভাৱক আৰু শিক্ষকসকল সচেতন হ’ব লাগে। শিশুৰ কামক সদায় প্ৰশংসা কৰিব লাগে। কেতিয়াও শিশুক নিৰুৎসাহজনক মন্তব্য দিব নালাগে। শিশুৰ আত্মপ্ৰত্যয়ৰ ধাৰণাক কেতিয়াও অৱহেলা কৰিব নালাগে। লাজকুৰীয়া শিশুৰ শাৰীৰিক, মানসিক আৱেগিক আদি দিশৰ বিকাশত বাধাপ্ৰাপ্ত হয়। কেতিয়াবা মনত ভয়, শংকাৰ সৃষ্টি হৈ পলায়নবাদী মনোভাবৰ সৃষ্টি হয়। গতিকে লাজকুৰীয়া স্বভাৱ যাতে শিশুৱে বেছিকৈ গ্ৰহণ নকৰে তাৰবাবে অভিভাৱকসকলে কিছুমান দিশত চকু ৰখা ভাল। সংক্ষেপে দুটামান উল্লেখ কৰিলো।
১) শিশুৰ বাবে যিদৰে অতিমাত্ৰা নিয়ম ভাল নহয় ঠিক তেনেদৰে অতিমাত্ৰা মৰমো ভাল নহয়। অতিমাত্ৰা মৰম কৰি সকলো কাম কৰি দিলে শিশুৰ স্বাভাৱিক স্বাধীনতা আৰু স্বত:স্ফূৰ্ত বিকাশত বাধা পৰে।
২) এনে শিশুক মুকলিমুৰীয়াকৈ খেলা-ধূলা কৰিবলৈ, কথা-বাৰ্তা পাতিবলৈ দিব লাগে।
৩) শিশুৰ লগত সদায় শিশুসূলভ আচৰণ হে কৰিব লাগে।
৪) শিশুৰ গাৰ ৰং, শৰীৰৰ আকাৰ, ভাল বেয়া গুণক লৈ সিহঁতে মনত দুখ পোৱাকৈ কোনো মন্তব্য কৰিব নালাগে। বৰঞ্চ সকলোৱেই সহযোগিতাৰে মিলি-জুলি থাকিবলৈ শিকাব লাগে। আকৃতিগত প্ৰাৰ্থক্যবোৰযে স্বাভাৱিক সেই কথা সুন্দৰকৈ বুজাই দিব লাগে। শিশুক যিকোনো পৰিস্থিতিত খাপ খাব পৰাকৈ গঢ়ি তুলিবলৈ হ’লে অতিমাত্ৰা নিয়ম বা অনুশাসনৰ মাজতো বন্দী কৰি ৰাখিব নালাগে।
৫) বিশেষকৈ শাৰিৰীকভাৱে বাধাগ্ৰস্ত শিশুৰ প্ৰতি পৰ্যাপ্ত আদৰ-যত্ন, মৰম, সহানুভূতি থকাৰ উপৰিও তেওঁলোকৰ কৰিব পৰা কামবোৰ সুন্দৰভাৱে কৰিবলৈ দি অনুপ্রাণিত কৰিব লাগে।
৬) বিদ্যালয়ত শিক্ষকে সকলো শিশুকে সমদৃষ্টিৰে চাই অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়ৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, কাৰ্যসূচীত অংশ লবৰ কাৰণে উৎসাহ যোগাব লাগে। অন্যথা লাজকুৰীয়া শিশুৱে অন্য শিশুৰ লগত দলগত কামবোৰত অংশগ্ৰহণ নকৰি সদায় পিছপৰি থাকিব, ফলত তেনে শিশুৰ সুস্থ আৱেগিক বিকাশ ন’হব। এতিয়া আহোঁ আন এটা সৰু প্ৰসংগলৈ।
প্ৰসংগটো উল্লেখ কৰাৰ আগতে আমাৰ সমাজত সঘনাই শুনি অশান্তি লগা কেইটামান প্ৰশ্ন তুলি দিলোঁ-
-‘ এ বাপেক-মাক দুয়োটা বগা ছোৱালী জনী কলী হ’ল যে-‘। -‘যিমান পঢ়ক অমুকৰ পুতেকৰ লগত ফেৰ মাৰিব নোৱাৰে দেই কোনেও।’-‘কি অ’তোক মাৰ-দেউতাৰে একো খাবলৈ নিদিয়ে নেকি তেনেই হাড়ে-ছালে ওলাইছে যে?’
-‘ ইমান ডাঙৰ হ’লহি ভালকৈ কথা এটাও ক’ব নোৱাৰে।’ -‘বাপেকেই চামোন পুতেক ন’হব কেলেই।’ কৈশোৰ কালত ছোৱালীৰ গালত পিম্পলচ্ এটা উঠিও তত্ নাপাই। সন্মুখতে দেখা পাইও তাইক শোধে-‘এহ্ এইবোৰ কি উঠিছে? অমুকটো লগাবা তমুকটো লগাবা, ছোৱালী মানুহ গাল দুখন তেনেই বেয়া হৈ গ’ল দেখোন-।’ কি উত্তৰ দিব সেই অবোধ ছোৱালীজনীয়ে-!
উত্তৰ দিয়াৰ উপায় নাপাই শেষত তাই মানুহৰ আগলৈ নোলোৱা হয়। ইত্যাদি অলেখ এবুৰি কথা শিশুক লৈ শুনা যায়। কেতিয়াবা আকৌ বহু পিতৃ-মাতৃয়েও কোৱা শুনো-‘বৰ লাজ বুইছে মানুহৰ আগলে একদম নোলাই।’ সচেতন মহলৰ বাদে আমাৰ মাজৰে একাংশ লোকৰ এনেধৰণৰ নকলেও চলি যোৱা বহুত অলাগতিয়াল কথা বা মন্তব্যই শিশুৰ মনত বেয়াকৈ প্ৰভাৱ পেলাই। শিশুৰ মনত মানুহৰ প্ৰতি ধাৰণা সলনি হয়। লাজকুৰীয়া শিশুৰ লাজ বাঢ়ি যায়। আত্মপ্ৰত্যয়ৰ ভাব কমি যায়। বয়স্ক জনৰ মুখত শুনা বিৰূপ মন্তব্য বা সমালোচনা কৰাটোৱে শিশুৰ মানসিক জগতত বিস্তৰ ক্ষতি কৰে। গতিকে,শিশুৰ মনত গঢ়ি উঠা আত্মপ্ৰত্যয়ৰ ভাব সম্বন্ধে পিতৃ-মাতৃ বা বয়স্কসকলে অৱহেলা বা অৱমাননা নকৰি সেই ভাবৰ সুস্থ বিকাশ হোৱাৰ প্ৰতিহে গুৰুত্ব দিব লাগে। শিশুৰ কোমল মনত যাতে বয়স্কসকলৰ কথা বা কামে কোনোধৰণৰ পলায়নবাদী মনোভাবৰ সৃষ্টি নহয় তাৰ প্ৰতি সদা সচেতন হ’ব লাগে। সচেতন লোকসকলে এনে বিৰূপ মন্তব্য শুনিলে স্পষ্টভাৱে তেনেলোকক প্ৰতিবাদ কৰি তাৰ কুফল বুজাই দিয়াৰ চেষ্টা কৰিব লাগে। যিকোনো স্তৰৰ শিশুৰ আৱেগিক, সামাজিক, মানসিক, বৌদ্ধিক আদি দিশৰ বিকাশ সাধন কৰিব পাৰিলেহে ভৱিষ্যতৰ আমাৰ সমাজখনৰ সৰ্বাংগীন উন্নতি আশা কৰিব পাৰিম।
–কৌশল্যা বৰা
দেৰগাঁও।