আপোনাক উদ্দেশ্য কৰি কৰা অপমানবোৰ সদায় মনত ৰাখি চলিব
চন্দ্ৰ শেখৰ পৰাজুলী,বিশ্বনাথ চাৰিআলি
আচলতে মানৱ প্ৰবৃত্তি বুলি কলেই এক কৌতুহলৰ বিষয়। কাৰণ মানুহে হল মানৱীয় জীৱনৰ প্ৰধান শত্ৰু। প্ৰকৃততে মানুহৰ এজনৰ প্ৰধান ধৰ্ম হব লাগে যে মানুহে মানুহক সহায়ৰ হাত খনি আগবঢ়াই দিয়া। আৰু যদিও সহায়ৰ হাত আগবঢ়াই দিয়াত অসমৰ্থ হয় তেন্তে বেলগ এজন মানুহৰ ক্ষতিসাধন কৰাৰো কাৰো অধিকাৰ নাথাকে। বিশেষকৈ মানুহৰ ব্যক্তিগত জীৱনক উদ্দেশ্য কৰি হিংসা, ঘৃণা, অপমান আৰু অপবচন কোৱাৰ দৰে তাতকৈ নিন্দনিয় কথা আন একোকে হব নোৱাৰে। সেয়েহে আমাতকৈ বহু আগতে এই ধৰাতলত জন্ম গ্ৰহণ কৰা বিদগ্ধ পণ্ডিত সকলে কৈ গৈছে যে, আপুনি জীৱন কালত কিমান দান,ধৰ্ম কৰিছে পাহৰি পেলাওক,লগতে আপোনাৰ জীৱনত পোৱা সকলোবোৰ সন্মান,পদ,প্ৰতিষ্ঠা পাহৰি যাওক আৰু যদি মনত ৰাখিবলৈ আছে তেন্তে আপোনাক উদ্দেশ্য কৰি কৰা অপমানবোৰ সদায় মনত ৰাখি চলিব । কাৰণ জীৱ শ্ৰেষ্ঠ মানুহ এজন হৈ এই সংসাৰত জন্ম গ্ৰহণ কৰাৰ পিছৰে পৰা নিজৰো আত্ম সন্মান, আত্ম মৰ্যদা বুলি কিবা নহয় কিবা নিজস্বতা বুলি আত্ম গৌৰম্ববিত কৰা ভাবধাৰা অন্তনিৰ্হিত হৈ থাকে।
আমি কাৰোবাক কিবা কাৰণ বসত তেওঁ কৰি থকা সৎ বা ভাল কৰ্মবোৰোত যদিও উৎসাহ প্ৰদানত অসমৰ্থ তেন্তে অন্যান্য লোকক উদ্দেশ্য কৰি বা কৰি থকা কৰ্মবোৰক লৈ হিংসা,নিন্দা, অপবচন, অপমান কৰাৰো আমাৰ মাজত অধিকাৰ নাই। কিন্তু বৰ্তমান সময়ত নিজকে নিজে বা নিজে কৰি থকা কৰ্মবোৰোৰ প্ৰতি নিজে দৃষ্টি প্ৰদান কৰাতকৈ অন্যান্য লোকৰ বিষয় -বস্তুৰ প্ৰতি আমাৰ চোকা দৃষ্টি পৰে। ইয়াৰ ফলত এক অপমান দায়ক পৰিবেশ, পৰিস্থিতিৰ সৃষ্টি হৈ পৰে। সেয়েহে প্ৰতিজন মানুহে সময় অনুপাতে হয়তো শাৰীৰিক ভাৰে বা বলপূৰ্বক ভাবে কৰা প্ৰহাৰবোৰো পাহৰি পেলাব পাৰে কিন্তু বেচিভাগ মানুহে আন্তৰিকভাবে,অপমান মূলক প্ৰহাৰ বহু বছৰ ধৰি বছৰ মানুহৰ মনতে ঘৰ বান্ধি থাকে। গতিকে মানুহ এজনৰ কৰি থকা কৰ্মবোৰৰ জৰিয়তে আপোনাৰ যদি বহু ক্ষতিসাধন হৈছে বা বহু সমস্যাৰ সন্মুখিন হৈছে তেন্তে পৰাপক্ষত সুস্থভাবে বহি সুন্দৰ ৰূপত বাদ,বিবাদৰ মাজেদি কথাবোৰ মিমাংসা কৰি লবলৈ যত্ন কৰক। কিন্তু ভুলতো কেতিয়াও আত্মসন্মানত আঘাত কৰাকে অপমানিত কৰি নিদিব। কাৰণ আপমানৰ ঘাঁহ হেনো মৃত্যুৰ পিছতো নুশুকাই।