আপোনত্বৰ অনুভৱ – সুনম বিশ্বাস 

আপোনত্বৰ অনুভৱ 

সুনম বিশ্বাস 
গোৰেশ্বৰ, তামুলপুৰ 

মানুহে কয় মৰমেৰে লোহাকো আকৰ্ষণ কৰিব পাৰি
অভ্যাসেৰে শিলকো গলাব পাৰি
বিশ্বাস নহ’লেও আশ্বাসত মানি ল’বতো পাৰি ন …
আপোনত্বৰ অনুভৱেই যদি স্বৰ্গীয় সুখ দিব পাৰে
তেনে ক্ষেত্ৰত আপোনত্বৰ অস্তিত্বই কি কৰিব নোৱাৰে..??
হয় , পাৰে বহুখিনিয়ে—
আপোনত্বৰ অস্তিত্বই আপোনাৰ
বন্ধ মনৰ দুৱাৰখন নৱ আশাৰে
চিৰদিনলৈ খুলি দিব পাৰে !!
দেহবিচ্ছিন্ন আত্মায়ো পুনৰাই স্থিৰাবাস ল’ব পাৰে
শুষ্ক মৰুভূমিত ধাৰসাৰে বৰষুণো হ’ব পাৰে!!
বন্দী সপোনবোৰে পাখি মেলি উৰিব পাৰে
উন্মুক্ত গগনৰ মুক্ত বিহংগ হৈ।।
আকাশলংঘী হ’ব পাৰে কৃতকাৰ্যতাৰ জখলা,
পেং লগোৱা ভৰিখনো
দৌৰৰ মাদকতাত লীন যাব পাৰে
কোবাল সোঁতত নাও হেৰুৱা যাত্ৰীয়ো
পাৰ বিচৰাৰ সাহসকণ গোটাব পাৰে ..
অস্থিৰ কৰা চিন্তাবোৰো
হেৰাই যাব পাৰে ব্যস্ততাৰ মাজত
যিদৰে তমঃনিশিৰ  বুকু ভেদি
আলোকসন্ধানী জোনটোৱে ব্যস্ত হৈ পৰে
ঠিক তেনেদৰেই…।।
আপোনত্বৰ অস্তিত্বই
হয় , পাৰে আৰু বহুখিনিয়ে—
কিন্তু.. যেতিয়াই
বিনাদ্বিধাই সেই আপোনজনৰ কান্ধত
মূৰটো পেলাই শুই যাবলৈ প্ৰয়াস কৰিব
তেতিয়াই চাব এজাক অৱজ্ঞাৰ বতাহে
উৰুৱাই নিব আপোনাৰ প্ৰশান্তিৰ নিদ্ৰা,,
চতুৰ সময়ে হৰণ কৰিব আপোনাৰ স্বাধীনতা
উশাহবোৰো গধুৰ হৈ পৰিব
গোট মাৰি উপঙি থাকিব  কষ্টৰ টোপালবোৰ…
তেতিয়াই বুজিব আপোনত্বৰ আচল অৰ্থ !!
সুখৰ ৰসঘৰাত ৰসেই জুই লগাব ,,
তাতে আকৌ ইন্ধন যোগাব অভ্যাসত অভ্যস্ত হৈ পৰা
আনন্দপূৰ্ণ মুহূৰ্তবোৰে ….
মিচিকিয়া হাঁহি মাৰি স্মৃতিবোৰে বক্ষতলে
তিৰস্কাৰৰ জয়মালা পৰিধান কৰি
ওলমি থাকিব আপোনাৰ চৌপাশে ,,
নিষ্ণাত তেজপিয়াজাতীয় আপোনত্বৰ অস্তিত্বৰ দৰেই…!!