আপুনি ভবা দৰে তেওঁ হয় নে?
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
আপুনি ভবা দৰে তেওঁ হয় নে? এই যে আমি ভাৱি লওঁ তেওঁ এনেকুৱা তেওঁ তেনেকুৱা! আচলতে তেওঁ কেনেকুৱা বাৰু?
কি জানে তেওঁ আপোনাৰ দৰেই। বুজি পোৱা নাই চাগে ন! কি কৈ আছোঁ বুলি ভাৱি আছে ন? আপুনি আপোনাৰ সন্মুখৰ ব্যক্তি জনক যি দিব তেওঁ আপোনাক তাৰেই প্ৰতিদান দিব, ই ধুৰূপ।
এই ধৰক আপুনি কাৰোবাৰ পৰা অলপ সময় খুজি আছে? অথচ তেওঁ আন এজনৰ বাবে সময় দি আছে, আৰু আপুনি তেওঁ ব্যস্ত আছে বুলি ভাৱি বহি আছে। ভুল আপোনাৰ নাই , কাৰণ আপুনি কৰা সেই বিশ্বাসৰ তেওঁ যোগ্য নাছিলেই কেতিয়াও।
ব্যস্ততা ভৰা জীৱনৰ মাজত খবৰ ৰাখি পাইছে নে নি:স্বাৰ্থ ভাৱে? সময় খুজি খুজি ভাঙি পৰিছে নে অৱজ্ঞাৰ জোৱাৰত। আজি কি হল জানে বুলি ক’বলৈ গৈ ৰৈ পাইছে নে আপুনি? ভবা দৰে পাইছে নে তেওঁৰ পৰা একেই আগ্ৰহ। নাই পোৱা ন , আপোনাৰ দৰে তেওঁ হ’বই লাগিব বুলি কথা নাই কিন্তু আপোনাৰ সেই আগ্ৰহৰ পৰিসীমা তেওঁ ৰক্ষা কৰাত হয়তো আপত্তিয়ো নাই। কোনো কাৰো দৰেই নহয়, কিন্তু সেই সদিচ্চা কণ লাগে প্ৰতিটো কথাত, প্ৰতিটো সম্পৰ্কতে।