আপুনি বাৰু চিনি পাইনে নাঙল ধোৱা পিঠা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
কৃষিজীৱী লোকৰ মাজত প্ৰচলিত “নাঙল ধোৱা পৰ্ব”ৰ বিষয়ে জানেনে বাৰু।নিশ্চয় আজিৰ প্ৰজন্মৰ বহুতেই এই পৰ্বৰ বিষয়ে জ্ঞাত নহয়।যিহেতু বৰ্তমান সময়ত নাঙল ব্যৱহাৰ কৰি খেতি কৰাই নহয়,ট্ৰেক্টৰ ব্যৱহাৰ কৰিহে মাটি চহোৱা হয়।কোনোবাখন গাঁৱত হয়তো এহাল,কোনোবাখন গাঁৱত এহালো গৰু দেখি পাবলৈয়ে নাই।গৰুৰ সৈতেহে খেতিয়কে নাঙলেৰে হাল বায়।খেতি কৰি সামৰা অৰ্থাৎ ৰুই-তুলি শেষ কৰাৰ পাছত “নাঙল ধোৱা পৰ্ব” পৰিয়ালৰ সকলো একেলগ হৈ অনুষ্ঠিত কৰা হয়।বিশেষকৈ এই পৰ্ব উজনি অসমৰ মটক জনগোষ্ঠীৰ মাজত বেছিকৈ প্ৰচলিত।মটক জনগোষ্ঠীৰ উপৰিও আন আন জনগোষ্ঠীয়ে এই পৰ্ব পালন কৰাৰো পৰিলক্ষিত হয়।খেতি আজৰি হৈ নাঙল ধোৱা পিঠা তৈয়াৰ কৰা হয়।এই পিঠাৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ- বৰা চাউল প্ৰয়োজন অনুসৰি অলপ সময় তিয়াই থোৱা হয়।তাৰপাছত টুকি খুন্দি লৈ সোৱাদ অনুসৰি নিমখ বা চেনি মিহলি কৰি যতন এটাত পানীৰে সানি তৰা পাতত অলপ চেপেটা কৈ মেলি বান্ধি লোৱা হয়।এটা যতনত পানী উতলিবলৈ দিয়া হয়।আৰু উতলা পানীখিনিত তৰা পাতেৰে বন্ধা পিঠাবোৰ সিজিবলৈ দিয়া হয়।সিজাৰ পাছত গাখীৰৰ স’তে পিঠাবোৰ পৰিয়ালৰ লগত একেলগে আনন্দ মনেৰে পৰিৱেশন কৰা হয়।তৰা পাতৰ গোন্ধই পিঠাবোৰ বহুত বেছি সোৱাদযুক্ত কৰি তোলে।বিশ্বাস কৰা হয় যে,তৰা পাতত পিঠা তৈয়াৰ কৰিলে শস্য বৃদ্ধি হয় অৰ্থাৎ খেতিবোৰ ভাল হয়।অতীজৰে পৰা এই পৰ্ব চলি আহিছিল।খেতিয়কে যেতিয়া খেতি শেষ কৰি নাঙলৰ লগতে সকলো খেতিৰ সঁজুলি ধুই সামৰি থয়,তেতিয়াই “নাঙল ধোৱা পৰ্ব” পালন কৰা হয়।আৰু নাঙল ধোৱা পিঠা তৈয়াৰ কৰে।বৰ্তমান সময়ত বহুতেই এই পিঠা হয়তো খায়ে পোৱা নাই।খেতিত নাঙল ব্যৱহৃতৰ সংখ্যা কমি যোৱাৰ বাবে বৰ্তমান উক্ত পিঠাবিধ বিলুপ্তিৰ পথত যদিও কিছু ঠাইত এই পৰ্ব বৰ্তমানেও পালন কৰা দেখা যায়।