আপুনি জীৱনত একো কৰিব নোৱাৰে – ৰিতু ভৰালী,যোৰহাট

আপুনি জীৱনত একো কৰিব নোৱাৰে
ৰিতু ভৰালী,যোৰহাট
আপুনি জীৱনত একো কৰিব নোৱাৰে-কথাষাৰক মূলমন্ত্ৰ হিচাপে লৈ  কামবোৰ কৰিবলৈ চাওক।প্ৰথমে কওকচোন আপুনি যদি একো কৰিব নোৱাৰে তেনে আপোনাক কোনোবাই কিবা জীৱনৰ বাবে সুবিধা কৰি দিব নে! নিশ্চয় দেখি আছে ,কোনেও আপোনালৈ একো কৰি নিদিয়ে।কেৱল পুৱা-গধূলি দিব ঠাট্ৰা।কেতিয়াবা ভাবেনে,এই ঠাট্ৰাক লৈনো আপোনাৰ কি লাভ হ’ব?লাভ এয়াই হ’ব যে আপুনি কথাষাৰক মূলমন্ত্ৰ কৰি আগুৱাই যাব লাগিব নিজ লক্ষ্যত। বাক্যফাকিক আপুনি অসন্মান নকৰি সন্মান কৰি আগুৱাই যাবলৈ চাওক।যিটো বাক্যই আপোনাৰ জীৱনক সলনি কৰি দিব পাৰে।আপোনাৰ ব্যৰ্থ জীৱনক সফল কৰি তুলিব পাৰে।এই সফল যাত্ৰাত তেওঁক এবাৰ নিজে লগ দিবলৈ নাপাহৰিব। পথ বাক্যটোৰ গৰাকীক ধন্যবাদ দিবলৈ এখোজ আগুৱাই যাব।ধৰি লওক তেওঁৱেই আপোনাৰ গুৰু,আপোনাৰ শুভাকাংক্ষী।নহ’লেনো আজিকালি কাৰ ইমান সময় আছে যে আপোনাৰ জীৱনৰ কথা চিন্তা কৰিব।তেওঁযে আপোনাৰ বিষয়ে চিন্তা কৰিছে সেয়াই বহুত দিয়কচোন।আজিকালি মানুহবোৰ প্ৰায় অকৃতজ্ঞ।যাৰ সহায় লয় তাকেই লাঠ মাৰে।’আপুনি জীৱনত একো কৰিব নোৱাৰে’ কথাষাৰক পথিকৃৎ হিচাপে ভাবিবলৈ লওক আৰু সেইখিনিৰেই কৃতজ্ঞতা জনাওক কিছুলোকক।