আপুনি আগবাঢ়ি থকা ৰাস্তাবোৰত খাল খান্দিবলৈ ধৰিলে চিন্তিত নহব
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
মানুহে খাল এখন খান্দি লোৱাৰ কেতিয়া প্ৰয়োজনীয়তা বোধ কৰে জানেনে? আমি যেতিয়া উচ্চ বা সমতল ঠাইৰ পৰা যিকোনো গোটা,জুলীয়া,তৰল পদাৰ্থক নিম্নগামী বা তললৈ নমাই আনিবলৈ খাল খান্দিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ। কিন্তু ইয়াত মানুহৰ হিতৰ ওপৰত সম্পূৰ্ণভাবে ধ্যান কেন্দ্ৰিত কৰা হয় নহয়নে ? আৰু কেতিয়াবা প্ৰয়োজন বসত নিম্ন খালযুক্ত ঠাইবোৰৰ পৰাও আৰু অধিক তললৈ খান্দি নিজা প্ৰয়োজনীয়তা পূৰণ কৰা দেখিবলৈ পোৱা যায়। অৰ্থাৎ মানুহে নিজৰ লাভালাভৰ কথা আগত ৰাখি কাৰো একো এটা ক্ষতিসাধন নোহোৱাকৈ আমাৰ জীৱন নিৰ্বাহ কৰা ঠাইখনৰ পৰা খাল খান্দি লোৱাৰ অধিকাৰ সকলোবোৰ মানুহৰ হাতত উপলব্ধ আছে। এতিয়া কথা হল মানুহে মানুহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো দৃশ্যমান খাল সকলোবোৰ মানুহে খান্দিব পাৰে । তাতে কোনোধৰণৰ মানুহৰে হয়তো আপত্তিজনক স্থিতি উদ্ভৱ হব নোৱাৰে নহয়নে? কিন্তু এজন মানুহে অন্যান্য সাধাৰণ মানুহৰ তুলনাত যদি আৰু অধিক ৰূপত সফলতাৰ ফালে আগুৱাই যায় তেন্তে কিছুমান মানুহৰ বেয়া দৃষ্টি পৰাৰ ওপৰিও সফলতাৰ দিশত গতি কৰা মানুহৰ ৰাস্তা সমূহত এক অদৃশ্যমান খাল খান্দি খান্দি যোৱাৰ অপচেষ্টা চলাই থকা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হল সফলতাৰ মাৰ্গত আগুৱাই যোৱা ব্যক্তিগৰাকিক কেনেকৈ তললৈ নমাই আনি খালত পেলাই দিব পাৰি। যাতে ইয়াৰ পৰবৰ্তী সময়বোৰত আগুৱাই যোৱাৰ প্ৰয়াস দ্বিতীয়তে আৰু নকৰে। এইয়াই বৰ্তমান সময়ৰ বেচিভাগ মানুহৰে মুখ্য চৰিত্ৰ বুলি কলেও ভুল নহব। কাৰণ এতিয়াৰ বেচিভাগ মানুহে নিজে আগুৱাই যোৱাৰ প্ৰয়াস নকৰে লগতে অন্যান্য আগুৱাই যাবলৈ ইচ্ছা প্ৰকাশ কৰা মানুহৰ ৰাস্তা সমূহত ষড়যন্ত্ৰৰ নিৰ্মান কৰি অদৃশ্যমান ডাঙৰ ডাঙৰ খাল খান্দিবলৈ প্ৰস্তুত থকা দেখা যায়। কিন্তু ইয়াতে আপোনালোকৰ আগত এটা কথা স্পষ্ট আকাৰত কৈ দিব বিচাৰোঁ যে,আপুনি আগবাঢ়ি থকা ৰাস্তাবোৰত খাল খান্দিবলৈ ধৰিলে চিন্তিত নহব ।কাৰণ যিবোৰ মানুহে আপোনাৰ ৰাস্তাবোৰত খাল খান্দি পেলাবলৈ যত্ন কৰিছে সেইসমূহ মানুহৰ কাৰণে আপুনি এটা সময়ত গৈ গৈ নিজা ব্যক্তিগত জীৱনত দীঘল দীঘল জাপ দিবলৈ শিক্ষা লাভ কৰিব। গতিকে জীৱনত সময়ে সময়ে দীঘলীয়া জাপ মাৰিবলৈ হলে আপোনালোকৰ যাত্ৰা পথত অদৃশ্যমান খাল খান্দিলোৱা মানুহৰ অতি প্ৰয়োজনীয়তা আছে।
বৰ্তমান সময়ত মানুহে মানুহৰ হিতৰ বিষয়ে চিন্তা কৰাৰ বিপৰীতে বেচিকৈ মানুহৰ অহিতৰ কথা চিন্তা কৰে।এতিয়াৰ সময়ত মানুহে মানুহৰ হাতত হাত ধৰি আগুৱাই লৈ যোৱাৰ পৰিবৰ্তে কেনেকৈ অন্যান্য মানুহক খালত পেলাই নিজে কিন্তু উচ্চতম আসন দখল কৰি থাকিব পাৰি তাৰে যত্ন কৰা দেখিবলৈ পোৱা যায়। কিন্তু মানুহবোৰ বৰ্তমানে কিয় পাহৰি গৈছে যে এজন অসহায় মানুহক ওপৰত উঠাই লৈ অহা মানে নিজেও আৰু অধিক উচ্চতাৰ ফালে আগুৱাই যোৱাৰ অগ্ৰাধিকাৰ লাভ কৰা। গতিকে সফলতা মাৰ্গত গতি কৰা মানুহৰ গতি পথত খাল খান্দি বাধা প্ৰদানৰ অপচেষ্টা কৰাতকৈ সফলতাৰ দিশে আগুৱাই যোৱা ব্যক্তিৰ হাতত হাত ধৰি নিজেও আগুৱাই যোৱাৰ যত্ন কৰা উচিত হব। নহলে আপুনি কেৱল খাল খান্দি থকাতে ব্যস্ত হৈ থাকিব আৰু আনফালে মানুহবোৰে খালবোৰ জপিয়াই জপিয়াই আপুনি অনুমান কৰাতকৈ বহু দূৰ আগুৱাই যাবলৈ সক্ষম হব।