আপত যোগদান কাৰ্বি আংলং জিলাৰ এখন গাঁৱৰ সম্পূৰ্ণ গঞাৰ

আপত যোগদান কাৰ্বি আংলং জিলাৰ এখন গাঁৱৰ সম্পূৰ্ণ গঞাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম হাতীপূৰা কুৰ্মী গাঁৱত অনুষ্ঠিত হয় আম আদমী পাৰ্টিৰ দলীয় সভা। লক্ষ্যণীয় বিষয় যে আপৰ সভাত গাওঁখনৰ প্ৰতিঘৰ মানুহেই যোগদান কৰাৰ লগতে অনাগত দিনত আম আদমী পাৰ্টিৰ হকে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্বি আংলং জিলা আপৰ ৱৰ্কিং কমিটীৰ আহ্বায়ক জিতেন ৰংপি, ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং জিলাৰ তত্বাৱধায়ক ফুডিং তেৰাং, বোকাজান সমষ্টিৰ আপৰ নেতা কাৰ্তিক বে’ আৰু হাওৰাঘাট বিধান সমষ্টিৰ আপৰ নেতা বাপুৰাম ৰংহাং উপস্থিত থাকে । দলত নতুনকৈ যোগদান কৰা গাওঁবাসীক তেওঁলোকে আদৰণি জনায়। অনাগত দিনত পাহাৰীয়া জিলাখনত দলৰ সদস্য ভৰ্তি অভিযান তৰান্বিত কৰাৰ বাবে দলৰ নেতা সকলে গুৰুত্ব আৰোপ কৰে।