আপক উৎখাত কৰি গেৰুৱা হ’ল দিল্লী

আপক উৎখাত কৰি গেৰুৱা হ’ল দিল্লী

ৰঙিলী বাৰ্ত্তাসেৱা- গেৰুৱা হ’ল ৰাজধানী দিল্লী।দেশবাসীৰ দৃষ্টি নিবদ্ধ দিল্লী বিধানসভা নির্বাচনত শাসকীয় আপক উৎখাত কৰিলে বিজেপিয়ে।২৭ বছৰৰ অন্তত দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৭০খন বিধানসভা আসনৰ ৪৮খন আসনে দখল কৰিছে বিজেপিয়ে।ইয়াৰ বিপৰীতে ২২ খন আসনেৰে থমকি ৰল আম আদমী পাৰ্টী। আনহাতে দিল্লীত শূণ্য ফলাফলেৰে হেট্ৰিক কৰে কংগ্ৰেছে। ২০১৫ আৰু ২০২০ চনত অভাৱনীয় প্রদর্শন আগবঢ়োৱা শাসকীয় আপক শোচনীয়ভাবে পৰাভূত কৰি বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰে। ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো নেতা ৰণত ধৰাশায়ী হোৱাৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু বিজেপিৰো ৰথী-মহাৰথী পৰাজিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি ৪৮খন আসন লাভ কৰা বিজেপিয়ে ৪৫.৮৭ শতাংশ ভোট লাভৰ বিপৰীতে আপে ৪৩.৫৬ শতাংশ, কংগ্রেছে ৬.৩৭ শতাংশ ভোট লাভ কৰে। ঘোষিত ফলাফলত নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰ বিজয়ী হোৱা আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিজেপিৰ প্ৰাৰ্থী পাৰভেছ সিং বাৰ্মাৰ হাতত পৰাজিত হয়। ঠিক তেনেদৰে আপৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়াও বিজেপি প্রার্থীৰ হাতত পৰাজিত হয়। আপৰ প্ৰাক্তন স্বাস্থ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা সত্যেন্দ্র জৈন আৰু আপৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজো এই ৰণত ধৰাশায়ী হয়। ইপিনে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লীত প্রার্থিত্ব আগবঢ়োৱা কংগ্রেছ প্রার্থী সন্দীপ দীক্ষিত পৰাজিত হোৱাৰ বিপৰীতে কালকাজি সমষ্টিত দিল্লীৰ মুখ্যমন্ত্রী আতিশীৰ হাতত পৰাজিত হয় বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰী। একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আপক উৎখাত কৰি বিজেপিয়ে নতুন দিল্লী বিধানসভা দখল কৰাৰ পিছতে ৰাজধানী চহৰখনৰ লগতে সমগ্র দেশতে বিজেপি কর্মীসকলে উল্লাস প্রদর্শন কৰে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাভূত কৰা বিজেপি প্রার্থী পাৰভেছ বাৰ্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু জনপ্ৰিয়তাৰ বাবে বিজেপিয়ে এই বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হ’ব।

বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিজেপিৰ এই জয় আপৰ কুশাসন, দুর্নীতি, ভ্ৰষ্টাচাৰৰ উপৰি প্ৰধানমন্ত্ৰী মোদীৰ ‘যাদু’ বুলি আখ্যা দিছে। বিকশিত ভাৰতৰ প্রতি লক্ষ্য ৰাখিয়েই দিল্লীবাসীয়ে আপক উৎখাত কৰি পৰিৱৰ্তনৰ বাবে বিজেপিক আঁকোৱালি লৈছে বুলিও বিজেপিৰ শীর্ষ নেতৃত্বই প্রকাশ কৰিছে। বিজেপিয়ে ২৭ বছৰৰ মূৰকত দিল্লীৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ বিজয় উৎসৱ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নতুন দিল্লীস্থিত বিজেপি কাৰ্যালয়ৰ পৰা দলীয় কর্মীক সম্বোধন কৰে। ইয়াৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে বিজেপিয়ে দিল্লী বিজয় কৰাৰ পিছত জনশক্তিয়েই সবাৰে ওপৰত বুলি উল্লেখ কৰি বিকাশ আৰু সুশাসনৰ জয়ী বুলি কয়। আনপিনে দিল্লী বিধানসভা নির্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে বাৰম্বাৰ ভুৱা প্রতিশ্রুতিৰে দিল্লীক বিপথে পৰিচালিত কৰিব নোৱাৰি। দিল্লীবাসীয়ে বিষাক্ত যমুনা, বিষাক্ত খোৱাপানী, বিধ্বস্ত ৰাস্তা-ঘাট, কদর্যময় নলা-নর্দমা আৰু সুৰা বিপণী খোলাৰ বিৰুদ্ধে ওলাই আহি ভোটদান কৰি বিজেপিক জয়লাভ কৰালে। দিল্লী বিজেপিৰ সকলো কৰ্মীক আন্তৰিকতাৰে অভিনন্দন। দিল্লীৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী আতিশীয়ে এই পৰাজয়ক বিনম্ৰতাৰে স্বীকাৰ কৰি বিজেপিক অভিনন্দন জ্ঞাপন কৰিছে। পৰাজয়ৰ মূল কাৰণসমূহ পৰৱৰ্তী সময়ত আত্মসমালোচনাৰে বিশ্লেষণ কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰী আতিশীয়ে। নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় মানি লৈ শীর্ষ নেতা ৰাহুল গান্ধীয়ে কয় যে দিল্লীবাসীৰ অধিকাৰৰ বাবে যুঁজ অব্যাহত থাকিব। দিল্লীবাসীৰ এই ৰায় মানি লৈছোঁ। প্রদূষণ, মূল্যবৃদ্ধি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে দিল্লীৰ প্ৰগতি আৰু দিল্লীবাসীৰ অধিকাৰক লৈ যুঁজ দি থাকিব।