আনৰ উন্নতি হোৱা দেখিলে আমাৰ হিংসা উপজে – শৈলেন কুমাৰ

আনৰ উন্নতি হোৱা দেখিলে আমাৰ হিংসা উপজে 

শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

সকলোৰে মনত উদ্ভৱ হোৱা এটা প্ৰশ্ন,মোৰ কিবা উন্নতি হোৱা দেখিলে বাকীবোৰে জ্বলি পুৰি মৰে তেনেকুৱা অনুভৱ প্ৰায়ভাগেই নহয়নে বাৰু ? ওচৰচুবুৰীয়াৰ এজনে এখন দামী গাড়ী কিনিছে আৰু ৰাষ্টাত চলাইছে কিন্তু গাড়ীখন যেন আপোনাৰ বুকুৰ মাজভাগৰে চলিছে,অসহনীয় বেদনা ৷ কোনোবা সহপাঠীৰ কৰ্মত পদোন্নতি হৈছে,দেহাটো একদম পুৰি ছাঁই যেন হৈছে ৷ আমুকাই ডাঙৰ অট্টালিকা বনাইছে,আমুকাৰ লৰাছোৱালী বিদেশত ডক্টৰ পঢ়ি আছে ইত্যাদি ৷ আৰু কিমান যে দুখ বেদনাই আমাক দিনৰ দিনটো ভাৰাক্ৰান্ত কৰি ৰাখে ৷ যেন সকলোতে একপ্ৰকাৰ খোৱাকামোৰা হে লাগিছে ৷ কেতিয়াবা আপুনি আনক চাবলৈ এৰি নিজক চাই পাইছেনে? কেতিয়াবা আপুনি ভাবি চাইছেনে আপুনি আজি যিটো অৱস্থানত আছে তাতকৈও যে কোনোবাই দুৰ্বিষহ জীৱন কটাই আছে ৷ আপোনাৰ অহংকাৰে আপোনাক সন্তুষ্ট হবলৈ অথবা সৰু হৈ ভাবি চাবলৈ অনুমতি নিদিয়ে ৷ একতা আমাৰ মুঠেই প্ৰিয় নহয়, মানৱীয় দৃষ্টিভংগী আমি কেতিয়াবাই পাহৰিছোঁ ৷ এতিয়া কেৱল স্বাৰ্থপৰতাৰ অন্ধ যুঁজ কেওফালে ৷ আমাৰ সন্তষ্টি ক’ত? ওচৰচুবুৰীয়া আৰু সহপাঠী সকলোৰ ওপৰত কেনেকৈ থাকিব পাৰোঁ সেয়া আমাৰ সন্তষ্টিৰ পৰম চিন্তা ৷ আনক কেনেকৈ নিন্দা,পৰচৰ্চা,নিৰ্যাতন কৰি দমন কৰিব পাৰি আদি চিন্তাই মুৰত খুন্দিয়াই থাকে নহয়নে আৰু যদি আপোনাৰ কুকাৰ্যত কেনেবাকৈ সফলতা পালে তেতিয়াটো আপুনি অবংশৰ স্বঘোষিত ৰজা হৈ পৰে ৰাতিৰ ভাতগৰাহ বেছিকৈ আৰু তৃপ্তিৰে গ্ৰহণ কৰে ৷ আমি সম্ভ্ৰান্ত ঘৰৰ সংস্কাৰ থকা মানুহ বেয়া কথা চিন্তা কৰা তথা আনৰ বেয়া হোৱাতো বিচৰা বিধৰ মানুহ আমি নহয় দেই ৷ সমাজত আমাৰ মানসন্মান আছে ৷ আপুনি এজন ভাল অভিনেতা হব পাৰে, ভদ্ৰতাৰ মুখাপিন্ধা আপোনাৰ ভিতৰচৰাত কিমান আৱৰ্জনা সোমাই আছে,দুখীয়া তথা আপোনাৰ তলতীয়া সকলোক আপুনি কি ব্যৱহাৰ ক’ৰে,কি দৃষ্টিৰে চাই সেইবোৰ কথা নকলেও হব ৷ ভদ্ৰতাৰ মুখাপিন্ধা সম্ভ্ৰান্ত পুজিপতি সকলৰ ভোগ আৰু কামনাৰ বলি আজিৰ সমাজ,জগত তথা দুখীয়া নীৰিহ জনতা ৷ নিজক শ্ৰেষ্ঠতম সজোৱাৰ দৌৰত,সকলোৰে লগত প্ৰতিযোগিতা কৰি আমি কি হেৰুৱাইছো আমি নিজেই নেজানো ৷ মানুহ হৈ আমি মানৱতা পাহৰি পেলাইছোঁ ৷ আনৰ লগত প্ৰতিযোগিতা কৰিবলৈ গৈ আমি নিজস্ব সম্ভাৱনাৰ পৰা বঞ্চিত হৈছোঁ ৷ আমাৰ যদি সম্ভাৱনা আছিল হিমালয় বগোৱাৰ,আমাৰ যদি সম্ভাৱনা আছিল বিশ্বদৰবাৰত উজ্জ্বলিত হোৱাৰ আমি ক্ষুদ্ৰ ওচৰচুবুৰীয়া আৰু সহপাঠী সকলোক নিজৰ বৰবৰতা দেখুৱাইয়ে ক্ষান্ত হৈ থাকিলোঁ ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ যুঁজত আমি মহাবীৰ পৰাক্ৰমী কিন্তু জীৱনৰ আচল যুদ্ধত পাৰদৰ্শিতা দেখুৱাবলৈ আমাৰ সৎসাহস নাই ৷ সমাজত প্ৰচলিত সহজলভ্য জীৱনক সৎপথ নেদেখুৱা পদ্ধতিৰ অনুসৰণ কৰিবলৈ সহজ কিন্তু সোতৰ বিপৰীতে গৈ ব্যতিক্ৰম পন্থাৰে নিজক উজ্জ্বলিত কৰাটো বৰ কঠিন আৰু কণ্টকময় যেন লাগে ৷