আনৰহে বেছি চিন্তা
ৰশ্মি ৰেখা দুৱৰা
ছোৱালী কুৰিতেই বুঢ়ী
কথাষাৰ কিমানদূৰ সত্যতা
প্ৰমাণ আছেনে বাৰু আমাৰ হাতত।
একুৰি হোৱা ছোৱালী হয়তো বিয়া হৈছে
নিজে গৈছে নাইবা ঘৰত বিয়া দিছে।
কিন্তু আনৰ ঘৰত পঢ়ি-শুনি
সপোনে পাহ মেলা ছোৱালীজনীক
কিয়? বিয়া বিয়া কৈ মনোকষ্ট দিয়ে
কেনে মানসিকতাৰ পৰিচয় দিব বিচাৰে।
বিয়াৰ কথা চিন্তা কৰিবলৈ মাক-বাপেক আছে
বয়স অনুসৰি বান্দৰীয়ো সুন্দৰী বুলি কথা এষাৰো আছে
সেইবুলি পঢ়ি থকা সময়তে
কোনোৱে যাতে ছোৱালীক বিয়াৰ মেৰপাকত সুমুৱাই
শিক্ষা সমাপ্ত কৰিবলৈ বাধ্য নকৰাই।
পঢ়ি-শুনি নিজৰ বিয়াৰ উপযুক্ত ভাবিলে
সকলোৱে এদিন বিয়াত বহিব
হৈ হাল্লা নকৰি শান্তিত নিজৰ কামবোৰ কৰিবলৈ দিয়ক।
বিয়াৰ বিষয়টোত ঘৰৰ মানুহতকৈ
আনৰহে বেছি চিন্তা,
চিন্তা নকৰিব মৰম-চেনেহৰ শুভাকাংক্ষীসকল
সকলো ছোৱালীয়ে বিয়া হ’ব
কুৰিতেই বুঢ়ী বুঢ়ী কৈ চিঞৰ বাখৰ নকৰিব
একুৰি বয়সত মাক-বাপেকৰ তত্ত্বাৱধানতেই
সন্তানে শিক্ষা গ্ৰহণ কৰে।
বিয়া হ’বলৈ ইচ্ছা কৰা গৰাকীক বিয়া দিয়ক
মনত আশালৈ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ
বুকুত অজস্ৰ সপোন লৈ আগবঢ়া গৰাকীক নহয়।
আনৰ বিয়াৰ কথা চিন্তা কৰোতে
নিজৰেই স্বাস্থ্যৰ অৱনতি ঘটিব
বেছি চিন্তা নকৰিব শুভাকাংক্ষীসকল।