আন্ধাৰ সিপাৰে
সময় তেতিয়া মাজনিশা।কলিকতাৰ পৰা মোৰ জন্ম ঠাই খনলৈ অহা ৰেল খন কিছু পৰৰ আগত ষ্টেচনৰ পৰা আঁতৰি হৈছে। সেইখনেই দিনটোৰ শেষৰ খন ট্ৰেইন আছিল যি এই ষ্টেচনত ৰয়। সেয়ে ষ্টেচনটো জনশূন্য হৈ পৰিছে। ইয়াতে মই কলিকতাৰ পৰা আহিছোঁ। মন আনন্দৰে ভৰি আছিল তেতিয়া, কাৰণ চাৰিটা বছৰ ব্যস্ততা হেতুকে সুযোগ নোপোৱাৰ অন্তত হেঁপাহৰ বিহুটো এইবাৰ আত্মীয়,আৰু আপোন জনৰ লগত যে পাতিব পাৰিম।
ষ্টেচনটোৰ পৰা যদিও সকলো মানুহ আঁতৰি গৈছিল কিন্তু মই আঁতৰি আহিব পৰা নাছিলো। মোৰ গাড়ী আৰু ড্ৰাইভাৰ জন আহি পোৱাত পলম কৰাৰ বাবে। মই ফোন কৰিছিলো তেওঁক, আৰু তেওঁ অলপ বাকী পাম গৈ কিছু পৰ অপেক্ষা কৰক বুলি কৈছিল।মই উপায় নেদেখি অপেক্ষা কৰিছিলো।
তেনেতে মোৰ কাণত পৰিছিল ষ্টেচনটোৰ অলপ আঁতৰৰ আন্ধাৰ খিনিৰ পৰা ভাঁহি অহা নাৰী কণ্ঠৰ এটা কৰুণ আৰ্তনাদ। মই উচপ খাই গৈছিলো, যদিও আন্ধাৰ তথাপি সেইফালে চাইছিলো ক্ষন্তেক, কেনেবাকৈ কোন হয় গম পাওঁ বুলি।কিন্তু বিফল হৈছিলো।লগে লগে মোৰ মনত অহৰহ বহুত কথা ঘুৰিব লাগিছিল মোৰ মন গ’ল সেইফালে আগুৱাই যাবলৈ, কথা মতে যাবলৈ আৰম্ভ কৰিছিলোঁ, তেনেতে পাছফালৰ পৰা কাৰোবাৰ মাত শুনি থমকি ৰৈছিলো।ছাৰ, মই আহিলো আহক। ঘূৰি চাই দেখিলোঁ মোৰ ড্ৰাইভাৰ জন।
মই তেওঁক ক’লো ৰৱ অলপ। তাৰ পাছত শব্দটোৰ বিষয়ে তেওঁক কৈছিলো। কিন্তু কথাটো তেওঁ গুৰুত্ব নিদিয়া যেন অনুভৱ হ’ল মোৰ। হলেও মই তেওঁক প্ৰস্তাৱ দিলোঁ,আমি সেই ঠাই খনলৈ যাওঁ আহক। তেওঁ প্ৰথম বাৰতে প্ৰস্তাৱ নাকচ কৰি দিলে।মই জোৰ কৰিলোঁ কিন্তু সফল নহলো ফলত অকলেই আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছিলো। তেওঁ বাৰে বাৰে মানা কৰিছিল মই তেওঁ কথা নুশুনিলো। কি ভাবিলে নাজানো, কিছু সময়ৰ পাছত মোৰ পাছে পাছে আহিব ধৰিলে।
ম’বাইলৰ পোহৰেৰে আন্ধাৰ ফালি আমি গৈ আছোঁ। কিছু সময় একো নেদেখিলো কিন্তু হঠাৎ আমাৰ চকু গ’ল এচুকত। মই ভয় খাইছিল,মোৰ ড্ৰাইভাৰ জন কপিছিল,বাৰে বাৰে অনুৰোধ কৰিছিল তেওঁ, আমি ইয়াৰ পৰা যাওঁ আহক নহলে বিপদে পাব আমাক। তেওঁ দেহৰ সমানে কণ্ঠ কপি উঠিছিল।কিন্তু মই আঁতৰি আহিব বিচৰা নাছিলো কাৰণ এই কাৰ্য মই ভুল ভাবিছিলো।কাৰণ এজনী বিবস্ত্ৰ নাৰী, দেহত আঘাত লৈ মোৰ চকুৰ আগত পৰি আছিল। আৰু মই নিজৰ বিপদৰ কথা ভাবি তাইক এৰি আঁতৰি যাম, এইয়া দেখোন স্বাৰ্থপৰ মানুহৰ কাম। নাই মই এনে কৰিব নোৱাৰোঁ।
লগে লগে মই গাত লৈ থকা গৰম কাপোৰ খনকে তাই দেহত পেলাই দিছিলোঁ। ড্ৰাইভাৰ জনক কৈছিলো তেওঁক ধৰক মেডিকেললৈ লৈ যাওঁ। কিন্তু তেওঁ মোৰ মুখলৈ চাইছিল আৰু কামটো কৰিব বিচৰা নাছিল। মই ধমক দিয়াত হাত আগবঢ়ায় দিছিল। মেডিকেলত থৈ মই পুলিচক খবৰ দিছিলোঁ। আৰু ড্ৰাইভাৰ জনক ঘৰলৈ পঠাই দিছিলোঁ আৰু মানা কৰিছিলো এই বিষয়ে ক’বলৈ আৰু এগাল মান মিছা কথা শিকাই দিছিলোঁ কাৰণ এই বিষয়ে জানিলে সিহঁত অলপ খেলিমেলি হ’ব মনবোৰ। মই বুজিছিলো কথাটো।
মেডিকেলত কিছু দিন লাগিছিল মহিলা গৰাকী সুস্থ হৈ উঠিবলৈ। সেইদিনাই পুলিচক খৱৰ দিয়া হৈছিল। পুলিচ আহিছিল খবৰ কৰিছিল কিন্তু যদিও এফালে সিহঁতে মোক প্ৰশংসা কৰিছিল আন ফালে সন্দেহ ভাবে চাইছিল। ফলত মেডিকেল পৰা আঁতৰি যাবলৈ দিয়া নাছিল, যেতিয়ালৈকে মহিলা গৰাকী সুস্থ হৈ পুলিচক ঘটনাটোৰ বিষয়ে নকয়। সেয়ে মই ঘৰ মানুহক বাৰে বাৰে মিছা ক’ব লগা হৈছিল।
এদিন সুস্থ হৈ উঠাত মহিলা গৰাকীয়ে সকলো বিবৰি কৈছিল সেইদিনাৰ ঘটনা। মোৰ কলিজা কপি গৈছিল। তাইক ধৰ্ষণ কৰা হৈছিল সেইদিনা। লগে লগে পুলিচে গোচৰ ৰেজিষ্টাৰ কৰিছিল আৰু অভিযান চলাইছিল।
এদিন দুদিন কৈ এটা সপ্তাহ যোৱাৰ পাছত মই অনুভৱ কৰিছিলো আঁতৰি আহিব পৰা হ’ব তাইৰ কাষৰ পৰা। সেয়ে ঘৰলৈ যাবলৈ মন মেলি তাইৰ বাবে সকলো ব্যৱস্থা কৰি তাইক বুজাই বিদায় মাগিব বিচাৰিছিলো, সেইদিনাই আকৌ ঘটনাই নতুন পাক লৈছিল।
তাই মোক ভৰিত ধৰি বহু কথাই কৈছিল। কথা খিনিয়ে তাই যে নিৰাপত্তাহীনতা ভুগিছে স্পষ্ট কৈ প্ৰকাশ পাইছিল। বহুত বুজালো কিন্তু এথলে গ’ল।ফলত মই কলিকতা লৈ যোৱাৰ সিদ্ধান্ত লৈ নিচেই কাষত থকাৰ পাছতো পৰিয়ালক এবাৰো লগ নকৰাকৈ উভতি যাবলৈ বাধ্য হলো। ভৱিষ্যত সময় বোৰ কিবা ভয় লগা ধৰণৰ ভাৱ হৈছিল কিন্তু মন সাহস আনি আহিও আপোন জনক লগ নকৰাকৈয়ে কৰি তাইক লৈ আহিলো। কাৰণ পৰিয়ালৰ পৰা একো সঁহাৰি নাপাই পুলিচে ও মোৰ লগত অহাত অনুমতি দিছিল।
কলিকতা পোৱাৰ পাছতে মই নিজকে কিবা অপৰাধ কৰি অহাৰ নিচিনা লাগিছিল। দুখ লাগিছিল মোৰ মা দেউতা, ভনী জনী আৰু মোৰ পত্নী আৰু সন্তান দুটাক এবাৰ দেখা নাপালোঁ। পত্নী সন্তান কলিকতালৈ বাৰু আনি লগ হম কিন্তু মা দেউতা যে আহিব নোৱাৰে ইয়ালৈ। যি নহওঁক নিজকে সহজ কৰিব চেষ্টা কৰিছিলো।ঘৰ পৰা এই কথা মই লুকুৱাই ৰাখিলোঁ সুদীৰ্ঘ বাৰ বছৰ। আৰু বাৰ বছৰত মই নিষ্ঠুৰ ভাৱেই কলিকতা লৈ আহিব অনুমতি দিয়া নাছিলো মোৰ পত্নী আৰু সন্তানক। অৰ্থাৎ যেতিয়াই প্ৰয়োজন হয় মই গৈ সিহঁতৰ কাষত উপস্থিত হৈছিলো।এই বাৰ বছৰ সময়ত তাই মোৰ লগত বহুত সহজ হৈ পৰাৰ ফলত,সময়ে সময়ে তাই জীৱনৰ বহু কথা কৈ গৈছিল। যিবোৰ শুনি দুখ বেজাৰ আৰু তাই প্ৰতি কৰুণাৰে উপচি পৰিছিল। তাই মুখৰ কথাৰে নাৰীৰ ক্ষেত্ৰত ঘটি থকা বহু বৰ্তমান সময়ৰ বহু কলংক মই কথাছবি দেখাদি দেখিছিলো।
যৌতুকৰ পৰা আৰম্ভ কৰি ধৰ্ষণলৈকে বহুত কিবাকিবি তাইৰ জীৱন ঘটিছিল যিবোৰ মুকলিকৈ মোক কৈছিল। কথাবোৰ শুনিলে ভাৱ অতীতৰ পৰা বৰ্তমানলৈ দুভগীয়া হিচাপেই পৰিগণিত হৈ থকা তাই এখন জীৱন্ত দলিল।
কাহিনী এইবোৰেই আজিৰ সমাজত ঘটি থকা নাৰীৰ উপৰত সমাজ আৰু মানুহৰ অন্যায়, দমন,অত্যাচাৰ আৰু বহুতো পণ্যৰ দৰে ব্যবহাৰ কৰি সন্মান অধিকাৰ ভৰিৰে মোহাৰি কৰি অহা শাৰীৰিক মানসিক নিৰ্যাতন বোৰ।
কথা খিনি কৈয়েই চকুলোৰ নৈ বৈ অহাত চকী খনৰ পৰা উঠি গুচি গৈছিল কাষতে বহি থকা বহু পৰ উচুপি থকা সেই ষ্টেচনত উদ্ধাৰ কৰা মহিলা জনীক এহাতে ধৰি, হল ঘৰটোৰ পৰা কিছু নিলগত অৱস্থিত গাৰ্ডেন খনলৈ বুলি। সিফালে বহু সময় নীৰৱ হৈ যোৱা হল ঘৰটোত নামিছিল হাত চাপৰিৰ কোলাহল।কাৰণ যোৱা বছৰ গোটেই দেশৰ সাহিত্যৰ জগতত খলকনি লগোৱা বহুল ভাবে জনপ্ৰিয় উপন্যাসৰ “আন্ধাৰৰ সিপাৰে” উপন্যাসিক ৰঞ্জন তালুকদাৰে তাত উপস্থিত সাংবাদিক প্ৰশ্নৰ উত্তৰ হিচাপে এই কথা খিনি কৈছিল।কিয়নো উপন্যাস খনত এজনী নাৰীৰ সঁচা কৰুণ কাহিনী বুলি লিখিছিল কিন্তু আজি এবছৰে কোন সেই গৰাকী নাৰী সেয়া কোনো দিন মুকলি কৰা নাছিল।
মুন শৰ্মা, লখিমপুৰ
