আন্দোলন নহয়, বাস্তৱিক কাম কৰিলেহে জীয়াই থাকিব অসমীয়া জাতিঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াই জীয়াই থাকিবলৈ শিকিছে আৰু জীয়াই থাকিবলৈ শিকিব লাগিব। ৰাজ্যৰ বিভিন্ন প্রান্তত হোৱা সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক স্পষ্ট বাৰ্তা দিলে। নামনি অসম আৰু মধ্য অসমৰ কেইবাখনো জিলাত সন্দেহযুক্ত বাংলাদেশীয়ে খিলঞ্জীয়াৰ প্রতি অনা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল। মুখ্যমন্ত্রী ড° শর্মাই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আগষ্ট মাহৰ প্ৰথম ভাগতে প’ৰ্টেল মুকলি কৰিব বুলিও ঘোষণা কৰিছে। এই প্ৰসংগতে মুখ্যমন্ত্ৰী ড° শর্মাই কয়- অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ’লে অস্ত্র থাকিলেহে আমাৰ মানুহ জীয়াই থাকিব। অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে। প্রেক্টিকেল ষ্টেপ ল’লেহে অসমীয়া জীয়াই থাকিব পাৰিব। কেইটামান প্রেক্টিকেল ষ্টেপ এতিয়া লৈছোঁ, পুনৰ জয় হৈ আহিলে আন কেইবাটাও ষ্টেপ ল’ম। মুখ্যমন্ত্ৰী ড° শর্মাই পুনৰ কয়- মই ধৈৰ্যৰ পৰীক্ষা কৰি আছোঁ, যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম। তাত আপত্তি নাই, কিন্তু মোৰ এটা লক্ষ্য আছে- সংবিধানৰ নীতি-নিয়মৰ জৰিয়তে সেই লক্ষ্যত আমি উপনীত হ’ব লাগিব অতি কম সময়ৰ ভিতৰত। অসমৰ পৰিস্থিতি কেতিয়াবা যদি বিস্ফোৰক হয়, আমাৰ অসমীয়া লোকসকল কেনেদৰে জীয়াই থাকিব, তেওঁলোকৰ হাতত অস্ত্র থাকিলেহে জীয়াই থাকিব পাৰিব। সেয়েহে অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব।