‘আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহ’ উদযাপন

‘আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহ’ উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বেলতলাস্থিত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় আৰু যোৰহাটৰ বধিৰ বিদ্যালয়ত “আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহ”ৰ তৃতীয় দিন উদযাপন কৰা হয়। এই বিশেষ সপ্তাহটোৰ অংশ হিচাপে অসম বধিৰ সন্থাই বধিৰসকলৰ বাবে সাংকেতিক ভাষাৰ প্ৰচাৰ আৰু বধিৰ সচেতনতা সম্পৰ্কে এক বিশেষ জাগৰণমূলক/সচেতনতা কাৰ্যসূচী আয়োজন কৰে। বেলতলাস্থিত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ত আয়োজিত কাৰ্যসূচীত উত্তৰ-পূৰ্ব বধিৰ মহাবিদ্যালয়ৰ অধ্যক্ষা, লগতে সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ সঞ্চালক আৰু সহযোগী সঞ্চালক উপস্থিত আছিল ।আনহাতে, যোৰহাট বধিৰ বিদ্যালয়ত অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী তপন শৰ্মাই বধিৰ সচেতনতা আৰু সাংকেতিক ভাষা প্ৰচাৰ কাৰ্যসূচী সফলতাৰে পৰিচালনা কৰে। তেওঁৰ সৈতে মুকুল দত্ত, নিপুল শইকীয়া আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷এই কার্যসূচীৰ মুখ্য উদ্দেশ্য আছিল বধিৰসকলৰ অধিকাৰ আৰু সাংকেতিক ভাষাৰ প্ৰচাৰ, যাতে সমাজত সকলোৱে একে অধিকাৰ পায় আৰু বধিৰসকলৰ বাবে সহানুভূতিশীল আৰু সজাগ সমাজ গঠন হয়। অসম বধিৰ সন্থাৰ এই প্ৰচেষ্টা সকলোৱে বহল হিয়াৰে আদৰি লৈছে আৰু সমাজৰ সকলো স্তৰৰ মানুহে মিলিতভাবে এই বিষয়সমূহৰ প্ৰতি দায়বদ্ধতাৰ বোধ গঢ়িবলৈ আহ্বান জনাইছে।