আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা সুনীল ছেত্ৰীৰ

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা সুনীল ছেত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা– সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাৰ অন্ত পেলাই আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে সুনীল ছেত্ৰীয়ে। ৩৯ বছৰ বয়সত অৱসৰ ঘোষণা কৰিলে ফুটবলাৰগৰাকীয়ে।সামাজিক মাধ্যমযোগে তাৰকা ফুটবলাৰগৰাকীয়ে এই কথা ৰাজহুৱা কৰাৰ পাছতে ক্ৰীড়প্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছে। ফুটবলাৰগৰাকীয়ে ঘোষণা কৰা অনুসৰি তেঁও অহা ৬জুনত অন্তিমখন আন্তৰ্জাতিক মেচত অংশ ল’ব।উক্ত দিনা তেঁও কলকাতাত কুৱেটৰ বিৰুদ্ধে অন্তিমখন মেচত অংশ ল’ব। এক আৱেগবিহ্বল কণ্ঠৰে সামাজিক মাধ্যমযোগে সুনীল ছেত্ৰীয়ে কয়- ই এক আবেগিক সময়। মই মোৰ প্ৰশিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। জীৱনৰ ১৯টা বসন্ত ফুটবলৰ নামত উৎসৰ্গা কৰি, ফুটবলক বিদায় জনোৱাটো এক কঠিন সিদ্ধান্ত। বিগত ১৯বছৰত পোৱা অভিজ্ঞতাৰ কথা সুঁৱৰি আবেগিক হৈ পৰে তাৰকাগৰাকী। তেঁও কয়- খেলি থকা সময়ছোৱাত মই কেতিয়াও ব্যক্তিগতভাৱে ভবা নাছিলো যে মই দেশৰ হৈ খেলিছো। মই ভাল খেলিছো নে বেয়া সেয়াও নাজানো। কিন্তু এতিয়া সিদ্ধান্ত লৈছো যে অহা ৬জুনৰ খেলখনেই হ’ব মোৰ অন্তিমখন খেল। তাৰকা ফুটবলাৰগৰাকীয়ে লগতে কয়, ‘‘এনে এটা দিন আছে, যিটো মই কেতিয়াও পাহৰি নাযাওঁ ৷ মই মনত ৰাখিম সেই দিনটো, যেতিয়া মই প্ৰথমবাৰৰ বাবে দেশৰ জনতাৰ হকে খেলিছিলো ৷ এয়া অবিশ্বাস্য আছিল । কিন্তু তাৰ আগদিনা পুৱা ৰাষ্ট্ৰীয় দলৰ আমাৰ প্ৰথম কোচ সুখী ছাৰে (সুখবিন্দৰ সিং) আহি মোক জনাইছিল, প্ৰথম একাদশত মই আছো। কৈ বুজাব নোৱাৰিম সেই অনুভৱ কেনেকুৱা আছিল।’’সুনীল চেত্রীয়ে লগতে কয় যে মই মোৰ মাক অৱসৰৰ কথা কৈছিলোঁ। তাৰ পাছত দেউতাক। পুত্ৰৰ অৱসৰ লোৱাৰ কথাটো তেওঁলোকে স্বাভাৱিকভাৱে লৈছিল। প্ৰতিখন মেচৰ হেঁচা লৈ গেলাৰীত বহি থকা মোৰ পত্নীকো অৱসৰৰ কথাটো কৈছিলোঁ। তেওঁলোক আৱেগিক হৈ পৰিছিল। কুৱেইটৰ বিপক্ষে খেলিবলগীয়া মেচখন মানসিক চাপৰ মেচ হ’ব বুলি উল্লেখ কৰি সুনীল চেত্ৰীয়ে কয় যে সেই মেচখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মেচখনক লৈ কোনো চাপ অনুভৱ কৰা নাই। ১৫-২০ দিনৰ প্ৰশিক্ষণৰ পিছত কুৱেইটৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিমখন মেচ। উক্ত মেচখনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ সাজু আছোঁ। উল্লেখ্য যে  ৩৯বছৰীয়া তাৰকা ফুটবলাৰগৰাকীৰ ২০০৫চনৰ ১২জুনত আন্তৰ্জাতিক ফুটবলত অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা সুনীল ছেত্ৰীয়ে উক্ত মেচতে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হৈছিল। সুনীল ছেত্ৰীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। মোহন বাগান, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিত তেঁও প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল।আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫০খন মেচ আৰু তেঁওৰ নামত আছে ৯৪টা গ’ল । বিশ্বৰ সৰ্বাধিক গ’ল দাতাৰ তালিকাত সম্প্ৰতি তেঁওৰ স্থান চতুৰ্থ। ১২৮টা গ’ল ৰে শীৰ্ষত আছে ক্ৰিষ্টিয়ানা ৰোণাল্ড’। ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল চেত্ৰীৰ অৱদান অপৰিসীম। তেঁওৰ এই অৱদানৰ বাবে ক্ৰীড়াপ্ৰেমীয়ে সদায়ে তেঁওক মনত ৰাখিব।