আন্তৰ্জাতিক নাৰী দিৱস (International women’s day) এটি পৰ্যালোচনা – নাছিৰ আহমেদ

Pc NSW Government
আন্তৰ্জাতিক নাৰী দিৱস (International women’s day) এটি পৰ্যালোচনা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
প্ৰতি বছৰে বিশ্বৰ সকলো ঠাইতে মাৰ্চৰ ৮ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস (International women’s day) উদযাপন কৰা হয়।
 পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই পৃথিৱীৰ সকলো দেশতে ১৯৭৫ চনত  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ আগতে ১৯১১ চনৰ ১৯ মাৰ্চত কেৱল সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দেশসমূহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিল। কিন্তু ১৮৫৭ চনৰ ৮ মাৰ্চত বয়ন শিল্পৰ(Textile industries)নাৰী শ্ৰমিকসকলে নাৰী শ্ৰমিকৰ অধিকাৰৰ প্ৰতি বৈষম্যমূলক আচৰণ আৰু অস্বাস্থ্যকৰ পৰিৱেশত কৰ্মত নিয়োজিত কৰাৰ প্ৰতিবাদত প্ৰথম বাৰৰ বাবে সংগঠিত ৰূপত আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল আৰু নাৰী শ্ৰমিকসকলৰ কামৰ ৰুটিন চুটি কৰা আৰু উপযুক্ত পাৰিশ্ৰমিক বিচাৰি বন্ধ (Strike ) ঘোষণা কৰিছিল। যাৰ ফলত, নাৰী শ্ৰমিকসকলে কোনো বৰ্ণবিভেদ , খিলঞ্জীয়া বা ভাষাৰ ওপৰত ভিত্তি নকৰাকৈ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰাই আন্তজাৰ্তিক নাৰী দিৱসে বিশ্বায়নৰ নতুন দিশলৈ তৰান্বিত হৈ উন্নত আৰু উন্নয়নশীল দেশৰ নাৰী সকলে আন্তজাৰ্তিক ভাবে নাৰীসকলৰ প্ৰগতি আৰু শক্তিশালী ৰূপত অগ্ৰগতি লাভ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই নাৰী সংগঠনসমূহৰ অধিৱেশন অনুষ্ঠিত কৰি নাৰীৰ সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত কৰা , অৰ্থনৈতিক আৰু ৰাজনৈতিক অনুষ্ঠানসমূহত সক্ৰিয় অংশ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
১৯১০ চনত জাৰ্মানীৰ ছচিয়েলিষ্ট কৰ্মী ক্লাৰা জেটকিনে (Clara Zetkin) নাৰী শ্ৰমিকৰ বাবে কোপেন হেগেনত  আন্তজাৰ্তিক অধিৱেশনৰ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি উক্ত দিনটিক নাৰীক সন্মান প্ৰদৰ্শন কৰিবলৈ চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিবলৈ ইউৰোপৰ দেশসমূহক সৈমান কৰিবলৈ সক্ষম হৈছিল। এইদৰে বিভিন্ন ধৰণৰ কৰ্মসূচীৰ জৰিয়তে সম্প্ৰসাৰণ লাভ কৰি এতিয়া গোটেই বিশ্বজুৰি প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস (International women’s day) বিভিন্ন কাৰ্যসূচীৰে  উদযাপন কৰি আহিছে।
 ২০২৪ চনৰ ৮ মাৰ্চৰ “আন্তৰ্জাতিক নাৰী দিৱস” ৰ মূল প্ৰতিপাদ্য বা থিম হ’ল, Invest in women, Accelerate progress. অৰ্থাৎ নাৰীসকলৰ প্ৰগতিৰ বাবে নাৰীৰ বাবে পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাই হ’ব এই বছৰৰ মূল উদ্দেশ্য আৰু লক্ষ্য। লগতে লিঙ্গ সমতা ৰক্ষা আৰু মহিলা আৰু ছোৱালীসকলৰ সৱলীকৰণৰ জৰিয়তে তেওঁলোকৰ সকলো মৌলিক অধিকাৰসমূহ সংৰক্ষিত কৰাৰ মাধ্যমৰে এটি উন্নত মানদণ্ডৰ স্বাস্থ্য-সন্মত জীৱন ধাৰাৰ এক শক্তিশালী ৰূপত এশ শতাংশ উন্নতি সাধন কৰাই এই বছৰৰ আন্তজাৰ্তিক নাৰী দিৱসৰ মূল তাৎপৰ্য। আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ মাজেৰে আন্তজাৰ্তিক ভাবে নাৰীসকলৰ লিঙ্গ বৈষম্য দূৰ কৰা , অৰ্থনৈতিক আৰু ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ অধিকাৰ, দাম্পত্য জীৱনত সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত কৰা আদি সামগ্ৰিক ভাবে সকলো ক্ষেত্ৰতে পূৰ্ণ মৰ্যাদা লাভ কৰি ২০৩৩ চনৰ ভিতৰত নাৰীৰ প্ৰতি কৰা সকলো শোষণ, নিৰ্যাতন, বঞ্চনা দূৰ কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰাই হ’ল মূল শপতনামা।”আন্তৰ্জাতিক নাৰী দিৱস” ৰ সৈতে বেঙুনীয়া ,সেউজীয়া আৰু বগা ৰঙক সাঙুৰি লোৱা হৈছে। বেঙুনীয়া ৰঙে ন্যায় আৰু মৰ্যাদাক প্ৰতিনিধিত্ব কৰে। সেউজীয়া ৰঙে আশা  আৰু বগা ৰঙে পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
 এই বছৰ ” আন্তৰ্জাতিক নাৰী দিৱস” ৰ শ্লোগানসমূহ হ’ল —
1.My body  my right.  মোৰ শৰীৰৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ।
2. we all can do that! We are women  আমি সকলো কৰ্ম কৰিব পাৰো ; কাৰণ আমি নাৰী
3.The future is women  ভৱিষ্যৎ আমাৰ হাতত সুৰক্ষিত।
4.Stand up for women.Its women’s day  নাৰীসকলৰ প্ৰগতিৰ বাবে সকলোৱে সহযোগ কৰক ; কাৰণ ,এয়া নাৰী দিৱস ।
5.Little girl with dreams become women with vision. সৰু ছোৱালীয়ে নানা আদৰ্শক সাৰোগত কৰি নাৰী হোৱাৰ সপোনত বিভোৰ।
6.Give right the women and bring them ahead. নাৰীক সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত কৰক যাতে আগবাঢ়ি যাব পাৰে।
7.One girl with courage is revolution. এজনী ছোৱালী বিপ্লৱ সাধন কৰাৰ সম্পূৰ্ণ সাহস ৰাখে।
Etc .
“আন্তজাৰ্তিক নাৰী দিৱস” ৰ কাৰ্যালয়ে গ্ৰহণ কৰা (Official flower) ফুল হ’ল  লাজুকী লতা বা লজ্জাৱতী ফুল ( Mimosa flower)। অৰ্থাৎ নাৰী হ’ল সকলো গুণৰ অধিকাৰী লাজুকী লতা ফুলৰ দৰে। তৎসত্তেও, এতিয়ালৈকে আমাৰ দেশত নাৰীসকলে কোনো ক্ষেত্ৰতে সম-অধিকাৰ লাভ কৰা নাই। বিভিন্ন সৰু বৰ কল-কাৰখানা তথা বিভিন্ন বেচৰকাৰী অনুষ্ঠানসমূহত নাৰীসকলে কঠোৰ ভাবে শ্ৰম দান কৰা সত্ত্বেও পুৰুষ শ্ৰমিকৰ তুলনাত বহুত কম মজুৰি লাভ কৰা দেখা যায়। চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত সম পৰিমাণৰ দৰমহা লাভ কৰিলেও একমাত্ৰ নাৰী হোৱাৰ বাবে সম-মৰ্যাদা লাভ কৰাৰ পৰা বঞ্চিত হয়। পৃথিৱীৰ ডাঙৰ ডাঙৰ ধৰ্ম যেনে হিন্দু , ইছলাম, শিখ, জৈন, বৌদ্ধ,খ্ৰীষ্টান ধৰ্মৰ নীতি,হদীচ বা শাস্ত্ৰ মতে  নাৰীসকলে পৈতৃক স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হয় ৫০ শতাংশ বা একেবাৰে শূন্য শতাংশও লাভ কৰিব নোৱাৰে। স্বামীগৃহতো নাৰীয়ে  আৰ্থিক নিৰাপত্তাৰ পৰা বঞ্চিত হয়। ৰাজনৈতিক পথাৰখনতো নাৰীয়ে এতিয়াও সম অধিকাৰ লাভ কৰা নাই। পঞ্চায়ত বা ৱাৰ্ডৰ প্ৰতিনিধি হিচাপে নাৰীয়ে নাম মাত্ৰ সম-প্ৰতিনিধিত্ব লাভ কৰিবলৈ সক্ষম হৈছে যদিও বিধানসভা আৰু লোকসভাত এতিয়াও ৩৩ শতাংশ প্ৰতিনিধিত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই।ব্যৱসায় আৰু বাণিজ্য ক্ষেত্ৰসমূহত ৰঙচঙীয়া বিজ্ঞাপনতো নাৰীক অৰ্ধ উলঙ্গ হিচাপে পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা দেখা যায়। বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰ অনুষ্ঠান সমূহতো নাৰী সম্পূৰ্ণ ৰূপে সুৰক্ষিত নহয়। পুৰুষ-প্ৰধান সমাজ ব্যৱস্থাত প্ৰতি মুহূৰ্তত পুৰুষৰ দ্বাৰা নাৰী শোষিতা, বঞ্চিতা,লাঞ্চিতা আৰু ধৰ্ষিতা হ’বলগীয়া হৈছে। তাৰোপৰি নাৰী ব্যৱসায়ৰ এক বিশাল অবৈধ বজাৰ গঢ়ি উঠিছে ; য’ত নাৰীক অপহৰণ কৰি এটি কুচক্ৰান্তকাৰী দলে নাৰীক বিভিন্ন ধৰণে শোষণ কৰি আছে। গতিকে, বছৰত এদিন নাৰী দিৱস উদযাপন কৰিলেই নাৰীয়ে সম অধিকাৰ লাভ কৰিব নোৱাৰে ; তাৰ বাবে লাগিব, এক বৃহৎ সামাজিক আন্দোলনৰ জৰিয়তে সমাজ-ব্যৱস্থাৰ এক আমূল পৰিবৰ্তন সাধন ; য’ত পুৰুষ আৰু নাৰীয়ে সম অধিকাৰ আৰু মৰ্যাদাৰে জীৱন নিৰ্বাহ কৰিব পাৰিব।