আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক ধাৰা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
দীক্ষা
১৯০৮ চন:- কৰ্মক্ষেত্ৰত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতন, উৎপীড়ন আৰু লিঙ্গ-বৈষম্যত অতিষ্ঠ হৈ নাৰীসকলে ইয়াৰ পৰিৱৰ্তনৰ বাবে প্ৰচাৰ কাৰ্য্য চলাই যোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হৈ প্ৰায় ১৫,০০০ নাৰীয়ে নিউইয়ৰ্ক নগৰৰ পথত নামি আন্দোলনত জঁপিয়াই পৰি গণ-মিছিল কৰিছিল। তেওঁলোকৰ মূল দাবীসমূহ আছিল, নিউইয়ৰ্ক নগৰত শ্ৰমিক নাৰীসকলৰ কৰ্মঘন্টা হ্ৰাস কৰা, উন্নত মজুৰি আৰু ভোটাধিকাৰ প্ৰদান কৰা।
১৯০৯চন :- আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজতান্ত্ৰিক ৰাজনৈতিক দলে ১৯০৯ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত গোটেই মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম জাতীয় নাৰী দিৱসৰ ( National Women’s Day) আয়োজন কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মূলতঃ শ্ৰমিক নাৰীসকলে ১৯০৯ চনৰ পৰা ১৯১৩ চনলৈকে এই এই জাতীয় নাৰী দিৱস উদযাপন অব্যাহত ৰাখিছিল।
১৯১০চন :- ১৯১০ চনত কোপেনহেগেনত কৰ্মজীৱি নাৰীসকলৰ দ্বিতীয় আন্তজাৰ্তিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনতে এগৰাকী জাৰ্মান সমাজতান্ত্ৰিক দলৰ সক্ৰিয় সদস্য তথা নাৰী অধিকাৰ কৰ্মী ক্লাৰা জেটকিনে
আন্তৰ্জাতিক নাৰী দিৱসৰ ধাৰণাটিৰ ওপৰত প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ মৰ্মে আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ সিদ্ধান্ত সৰ্ব সন্মতি ক্ৰমে গৃহীত হৈছিল যদিও তাৰিখ নিৰ্ধাৰণ হোৱা নাছিল।
১৯১১ চন:- কোপেনহেগেন সন্মিলনত গৃহীত হোৱা প্ৰস্তাৱ মৰ্মে ১৯১১ চনৰ ১৯ মাৰ্চত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু চুইজাৰলেণ্ডত প্ৰথম বাৰৰ বাবে ” আন্তজাৰ্তিক নাৰী দিৱস” ( International Women’s Day) উদযাপন হয়। উক্ত দিৱসৰ দিনা নাৰীসকলৰ উন্নত কৰ্ম পৰিৱেশ আৰু মহিলাসকলৰ ভোটাধিকাৰৰ দাবীত সমাবেশ, বিক্ষোভ আৰু মিছিলৰ আয়োজন কৰা হৈছিল।
বিৱৰ্তন
১৯১৩ চন:- প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভনিতে ৰাছিয়ান নাৰী সকলে শান্তি অভিযান আৰম্ভ কৰে। এই শান্তি অভিযানৰ সময়ত অনুষ্ঠিত হোৱা আলোচনাৰ ওপৰত ভিত্তি কৰি ৮ মাৰ্চ দিৱসটিক আনুষ্ঠানিকভাৱে” আন্তজাৰ্তিক যুদ্ধ দিৱস” হিচাপে ঘোষণা কৰা হয়।
১৯১৪-১৯১৮ চন :- প্রথম বিশ্বযুদ্ধ চলাকালীন শ্রমিকৰ চাহিদা তীব্ৰ গতিত বৃদ্ধি হোৱাৰ ফলত কৰ্মক্ষেত্ৰত নাৰীৰো অংশগ্ৰহণ বৃদ্ধি পায়। যাৰ ফলত, নাৰীসকলে তেওঁলোকৰ প্ৰাপ্য দাবীসমূহৰ লগতে ভোটাধিকাৰৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰ বাবে আন্দোলন কৰাৰ বাবে বিশেষ পটভূমি লাভ কৰে।
১৯৪৫ চন:- ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰৰ মাধ্যমত পুৰুষ আৰু নাৰীৰ সমতাৰ নীতি প্ৰতিষ্ঠিত হয়। ইয়াৰ ফলত আন্তৰ্জাতিক নাৰী দিৱসটি ৰাষ্ট্ৰসংঘৰ নাৰীৰ ক্ষমতায়ন লিংগ সমতা বিষয়ক কাৰ্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
স্বীকৃতি আৰু সম্প্ৰসাৰণ
১৯৭৫ চন:- ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ” আন্তজাৰ্তিক নাৰী দিৱস” ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৮ মাৰ্চত ৰাষ্ট্ৰসংঘৰ অধীনস্
এই বা শ দেশসমূহে ” আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰিবলৈ লয়।
১৯৯৬ চন:- ১৯৯৬ চনত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰসংঘই ” আন্তৰ্জাতিক নাৰী দিৱস ” ৰ বাবে এটি প্ৰতিপাদ্য বিষয় (Theme) গ্ৰহণ কৰে। তাৰ পিছৰে পৰা প্ৰতিবছৰে এটাকৈ নতুন প্ৰতিপাদ্য বিষয় ( Theme) লৈ আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি আহিছে।
২০১৫চন :- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে টেকসই অৰ্থাৎ দীৰ্ঘস্থায়ী, মজবুত বা বহুদিনলৈ টিকি থকা উন্নয়নৰ লক্ষ্যমাত্ৰা (SDGs) গ্ৰহণ কৰে। SDG বোৰৰ ভিতৰত এটি হ’ল SDG 5, বিশেষ ভাৱে নাৰীৰ ক্ষমতায়ন আৰু লিংগ সমতা অৰ্জনৰ আহ্বান জনায়।
বৰ্তমান:- আন্তৰ্জাতিক নাৰী দিৱসটি ( International Women’s Day) নাৰীসকলৰ অৰ্জন আৰু অবদানক সন্মান আৰু উদযাপনৰ বাবে বিশিষ্ট বিশ্বব্যাপী প্লেটফৰ্মসমূহৰ ভিতৰত আটাইতকৈ অন্যতম হৈ পৰিছে।
২০২৬ চনৰ ৮ মাৰ্চত অনুষ্ঠিত হবলগীয়া ” আন্তৰ্জাতিক নাৰী দিৱস” ৰ প্ৰতিপাদ্য বিষয় ( Theme) হ’ল –
” Give to Gain” ইয়ে লিংগ সমতাৰ বাবে এটি অনুঘটক হিচাপে উদাৰতাক শক্তিশালী ভাৱে উৎসাহিত কৰে। দান কৰাৰ ধাৰণাটি এটি বহুমুখী শক্তিলৈ ৰূপান্তৰিত হয়, যিয়ে মানুহ, সংস্থা আৰু সম্প্ৰদায়ক সিহঁতৰ সময় আৰু শিক্ষাগত সম্পদৰ উদাৰ দান, সমৰ্থন, পৰামৰ্শ আৰু দৃশ্যমান জ্ঞান আৰু তহবিলৰ মাধ্যমত নাৰীসকলৰ বাবে আৰু সুযোগ দান কৰাত সক্ষম কৰে। পাৰস্পাৰিক সহযোগিতাৰ প্ৰক্ৰিয়া যৌথ অগ্ৰগতিৰ পিনে পৰিচালিত কৰে ; কাৰণ যেতিয়া নাৰীসকলে সফলতা লাভ কৰে, তেতিয়া সিয়েই সমগ্ৰ সমাজক বিকশিত কৰি তোলে।
মুঠতে, এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য হ’ল ,
সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সাংস্কৃতিক , কলা, কৃষ্টি ,সংস্কৃতি আদি সকলো স্তৰতে নাৰীসকলৰ অৱদানক সন্মান প্ৰদৰ্শন কৰা আৰু বিশ্বৰ ভাগ্য গঠনত তেওঁলোকৰ অপৰিহাৰ্য ভূমিকা স্বীকাৰ কৰা ।
এই দিৱসটিয়ে নাৰীৰ ক্ষমতায়ন আৰু লিংগ সমতাৰ পিনে বিশ্বৰ চলাচল যাত্ৰাৰ প্ৰতিফলন আৰু নিশ্চিতকৰণ হিচাপে কাম কৰে।
ইয়ে লিংগ বৈষম্যৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি আৰু ইয়াক দূৰ কৰাৰ বাবে এটি প্লেটফৰ্ম হিচাপে কাম কৰে।
এই দিৱসটি বিশ্বজুৰি নাৰীৰ অগ্ৰগতিত বাধা সৃষ্টিকাৰী চলমান প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাৰ আলোচনা আৰু দৃঢ় পদক্ষেপ গ্ৰহণৰ সুযোগ কৰি দিয়ে।
নাৰীসকলৰ সাফল্যৰ গল্প সম্পৰ্কে সচেতনতা বৃদ্ধিৰ জৰিয়তে এই দিৱসটি বিশ্বজুৰি নাৰী তথা ছোৱালীসকলক তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাৰ পিনে অগ্ৰসৰ হোৱাত অনুপ্ৰাণিত কৰে
বিভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক পটভূমিৰ নাৰী তথা ছোৱালীসকলৰ মাজত বিশ্বজুৰি এক ঐক্যবদ্ধ হোৱাৰ অনুভূতি জাগ্ৰত কৰে।
তৎসত্ত্বেও, এতিয়াও নাৰীসকলে সম-অধিকাৰ, ন্যায় আৰু সকলো কৰ্মক্ষেত্ৰত পূৰ্ণভাৱে কৰ্মৰ সংস্থান লাভ কৰা নাই। এই লিংগ বৈষম্য আমাৰ দেশ ভাৰতবৰ্ষত বেছি স্পষ্টকৈ প্ৰতীয়মান হোৱা পৰিলক্ষিত হৈছে।
আমাৰ দেশত পুৰুষৰ সাক্ষৰতাৰ হাৰৰ তুলনাত নাৰীৰ সাক্ষৰতাৰ হাৰ বহুত নিম্ন , উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বিশেষকৈ বিহাৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ জনজাতিসমূহৰ ভিতৰত আৰু চৰ-চাপৰিৰ পূৰ্ববঙ্গীয় মূলৰ মুছলমান সকলৰ ভিতৰত বাল্যবিবাহ প্ৰথা এতিয়াও প্ৰকট হৈ আছে। যাৰ ফলত অল্প-বয়স্ক ছোৱালীসকলে প্ৰতিভা থকা সত্ত্বেও সকলো ক্ষেত্ৰত সমান অধিকাৰ আৰু ন্যায় লাভৰ পৰা বঞ্চিত হৈ ভঙ্গুৰ স্বাস্থ্যলৈ এক দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হয়। মজুৰিৰ ক্ষেত্ৰতো নাৰী শ্ৰমিকসকলে পুৰুষ শ্ৰমিকৰ তুলনাত যথেষ্ট কম মজুৰি পায়। অথচ এজনী নাৰীয়ে শ্ৰমিক হিচাপে কঠোৰ পৰিশ্ৰম কৰাৰ উপৰিও ঘৰৰ কাম-কাজৰ দায়িত্বও পালন কৰে। বৈবাহিক জীৱনতো নাৰীয়ে যথেষ্ট সংঘাতৰ সন্মুখীন হয়। যৌতুক প্ৰথাৰ বিষময় প্ৰভাৱে বহুত নাৰীৰ সুখৰ সংসাৰ ভাঙি তচনচ কৰি দিয়ে। বেছিভাগ দৰিদ্ৰ পৰিয়ালে( বিশেষকৈ কৃষক, শ্ৰমিক বা নিম্ন মধ্যবিত্তৰ পৰিয়ালে) জোঁৱায়েকক বৈবাহিক সূত্ৰে দিবলৈ বাধ্য হোৱা যৌতুক দিব নোৱাৰাৰ বাবেই শহুৰেকৰ পৰিয়ালৰ দ্বাৰা তেওঁলোকৰ কন্যা সন্তানে যমৰ যাতনা ভূগিব লগা হয়।সামাজিক জীৱনতো নাৰীয়ে পদে পদে নানা অন্যায়,অবিচাৰ,ব্যাভিচাৰ, অত্যাচাৰ, হত্যা,লুট আৰু ধৰ্ষণৰ বলি হয়। পুৰুষ-প্ৰধান সমাজৰ পৰা নাৰীয়ে কেতিয়াও ন্যায় আৰু পূৰ্ণ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহয়। ৰাজনৈতিক জীৱনতো এতিয়াও নাৰীয়ে সম-অধিকাৰ, ন্যায় আৰু পূৰ্ণ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা নাই। পঞ্চায়তৰাজ ব্যৱস্থাত নাৰী প্ৰতিনিধি সকলে প্ৰায় পুৰুষ প্ৰতিনিধিৰ সমান অধিকাৰ লাভ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নাৰী প্ৰতিনিধিসকলৰ সকলো ৰাজনৈতিক অধিকাৰ নাৰী গৰাকীৰ পুৰুষ অভিভাৱকে ( পিতৃ,স্বামী বা অন্যান্য) কাঢ়ি লৈ পূৰ্ণ কৰ্তৃত্ব চলাই থকা দেখা যায়। এতিয়াও লোকসভা আৰু ৰাজ্যসভাত নাৰীসকলৰ বাবে আসন সংৰক্ষণৰ বাবে পেচ কৰা বিলখন বহু বছৰ ধৰি কাগজে-কলমে শূন্যত ওলমি আছে। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰতো এইখন সমাজে নাৰীক বঞ্চিত কৰা দেখা যায়। পিতৃয়ে বা সম্পত্তিৰ অধিকাৰী পুৰুষ গৰাকীয়ে মূল সম্পত্তিৰ পৰা জীয়ৰীক, পত্নীক বা ভগ্নী আদিক যৎসামান্য সম্পত্তি দান কৰি পুতেকক বা সম্পত্তিৰ অধিকাৰী পুৰুষসকলক প্ৰায় সম্পূৰ্ণৰূপে সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা দেখা যায়। এই ক্ষেত্ৰত ভাৰতৰ সংবিধান বা ধৰ্মীয় ৰীতি- নীতিৰ দোহাই দি নাৰীৰ অধিকাৰ খৰ্ব কৰা দেখা যায় । এতিয়াও ভাৰতৰ পুলিচ প্ৰশাসন , সৈনিক বিভাগ, বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিভিন্ন অভিযান, ক্ৰীড়া,আৰু বিভিন্ন কাৰিকৰী দিশতো বিভিন্ন অজুহাতত ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰে বা অ-ৰাজনৈতিক সংগঠনসমূহে নাৰীক নিযুক্তি প্ৰদান কৰা প্ৰায় সামান্যতম দেখা যায়। আমাৰ দেশৰ বহু -জাতিক কোম্পানীসমূহে বিভিন্ন ৰংচঙীয়া বিজ্ঞপ্তিৰ নামত নাৰীক অৰ্ধ-নগ্ন পোছাকেৰে পণ্য-সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এনেকি যিমানেই আমি সভ্যতাৰ চৰম শিখৰত আৰোহণ কৰি আছোঁ, সিমানেই নাৰী ধৰ্ষণৰ দৰে জঘন্যতম কু-কৰ্মসমূহ ক্ৰমে যেন বৃদ্ধি পাই আছে। তাৰ মূল কাৰণ হ’ল, এতিয়াও পুৰুষসকলে নাৰীক নিজৰ বহতীয়া বা তলতীয়া বুলি আচৰণ কৰে বা তেওঁলোকে নাৰীক ভোগ্য সামগ্ৰী বা বজাৰৰ সস্তীয়া পণ্য বুলি বিবেচনা কৰে।
ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ উপায়, নাৰীসকলে পুৰুষৰ মুখাপেক্ষী নহৈ নিজস্ব ভাৱে নাৰীৰ বিভিন্ন অধিকাৰ, ন্যায় আৰু সকলোধৰণৰ কৰ্মক্ষেত্ৰত পূৰ্ণভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ” আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰাৰ উপৰিও নাৰীসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰসমূহ লাভ কৰিবলৈ ৰাজপথত নামি বিভিন্ন কাৰ্যসূচী হাতত লৈ গণ-আন্দোলনত জঁপিয়াই পৰা উচিত।
