আন্তৰ্জাতিক নদী দিৱস
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
নদী হৈছে পৃথিৱীৰ আদিমতম সন্তান। এই নদীৰ পাৰতেই পৃথিৱীৰ প্ৰাচীন মানৱ সভ্যতা গঢ়ি উঠিছিল। ইউফ্ৰুটিচ, টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা,হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত চীন সভ্যতা ইত্যাদি গঢ়ি উঠিছিল। নদীৰ পাৰত প্ৰাচীন সভ্যতাৰ স্বাক্ষৰ-স্বৰূপ , প্ৰধান প্ৰধান ধৰ্মৰ মঠ-মন্দিৰ , গীৰ্জা, মছজিদ, প্ৰাৰ্থনা গৃহ, উপাসনালয়, নানা কীৰ্তিস্তম্ভ,সপ্তাশ্বৰ্য ভাস্কৰ্য,ডাঙৰ ডাঙৰ নগৰ, মহানগৰ গঢ়ি উঠিছে। অতি প্ৰাচীন কালৰে পৰাই এতিয়ালৈকে নদীক যাতায়তৰ আটাইতকৈ সুচল পথ বুলি কোৱা হয়। এই নদীৰ মাজেৰে নাও, জাহাজ আদি বাহনৰে পৃথিৱীৰ বিভিন্ন দেশলৈ ভ্ৰমণ কৰাৰ উপৰিও বিভিন্ন বেহা-বেপাৰৰ ব্যৱস্থাও চলি আছে। বাৰিষাকালি নদ-নদীৰ দুয়ো কুল উপচি ইয়াৰ পলশ মাটি হাজাৰ হাজাৰ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ শস্যৰ পথাৰসমূহ সাৰুৱা কৰাৰ ফলত পৰ্যাপ্ত পৰিমাণে শস্য উৎপাদন হৈ মানুহৰ খাদ্য যোগান ধৰে। খৰালি কালত নদীৰ পৰা পানী সংগ্ৰহ কৰি খেতিপথাৰত জলসিঞ্চন কৰি খাৰিফ শস্য উৎপাদনৰ ব্যৱস্থা কৰা হয়। খৰস্ৰোতা নদীৰ পৰা জলবিদ্যুৎ উৎপাদন কৰি গাঁৱে-ভুঞে,চহৰে-নগৰে বিদ্যুৎ যোগান দিয়াৰ ফলত আধুনিক যান্ত্ৰিক সভ্যতাৰ সৃষ্টি হৈছে বুলি কব পাৰি।মুঠতে, এগৰাকী নাৰীয়ে এটি সন্তান জন্ম দি লালন-পালন কৰি সমাজত সন্তানটিক প্ৰতিষ্ঠিত কৰালৈকে যি অপৰিসীম ধৈৰ্য,কঠোৰ কষ্ট, আৰু ত্যাগ স্বীকাৰ কৰিব লগা হয়, নদীয়ো একেধৰণৰ মানৱ-সভ্যতাক সৃষ্টি, লালন-পালন আৰু বিকশিত কৰিবলৈ অসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হয়। সেই কাৰণে নদীক মাতৃ বুলি ঋষি-মুনি সকলোৱে উল্লেখ কৰিছে ( ব্ৰহ্মপুত্ৰ নদী কেৱল ব্যাতিক্ৰম, ইয়াক ব্ৰহ্মৰ পুত্ৰ বুলি উল্লেখ আছে) কিন্তু, নাৰীৰ দৰে নদীয়ো অসৎ চৰিত্ৰৰ মানুহৰ হাতত বলাৎকাৰৰ সন্মুখীন হৈ আছে। নদীৰ দুয়োপাৰে কৃত্ৰিম ভাবে মথাউৰিসমূহ নিৰ্মাণ কৰাৰ বাবে নদীৰ সোঁত ৰুদ্ধ হৈ নদীয়ে ক্ৰুদ্ধ হৈ একাবেঁকা বাটেৰে দ্ৰুত গতিত আগবাঢ়ি নদ-নদীৰ দুয়োকুল খহাই প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি কৰে আৰু ধ্বংসাত্মক-কাৰ্য অবিৰতভাৱে চলাই থাকে। কেতিয়াবা কেতিয়াবা আকৌ নদ-নদীৰ মাজত ভেটা দি বান্ধ দিয়াৰ ফলত নদীৰ তলি ওপৰলৈ উঠি আহিও গৰা-খহনীয়া আৰু বানপানীৰ সমস্যা কৰে। কেৱল সেয়ে নহয়, জাবৰ-জোঁথোৰ,মল-মূত্ৰ, বৃহৎ বৃহৎ অট্টালিকা,কল-কাৰখানা,ৰেষ্টুৰে ন্ট হোটেল আদিৰ অৱশিষ্ট বৰ্জ্য পদাৰ্থবোৰ,দুৰ্গন্ধময় পঁচা খাদ্য, জীৱ-জন্তু চৰাই-চিৰিকটি মানুহ-দুনুহ মৃতদেহ আৰু বিভিন্ন পূজা-পাৰ্বনৰ মূৰ্তি আদি সৰ্বশ্ৰেষ্ঠ জীৱ মানুহবোৰে নদ-নদীৰ পানীত পেলাই কেৱল নদ-নদীৰ পানীৰ সোঁত ৰুদ্ধ কৰাই নহয় , পানীৰ বিশিষ্ট গুণ ধ্বংস -প্ৰাপ্ত কৰি এক দূষিত পদাৰ্থলৈ ৰূপান্তৰ কৰিছে। গংগা নদীৰ পানীক পবিত্ৰ জল বুলি কোৱা হয়, সেই জলকো মল-মূত্ৰ আদিৰে একেবাৰে অপবিত্ৰ কৰা হৈছে।আধুনিক যুগৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি বৰ্তমান আধুনিক মানুহবোৰে প্ৰধান উৎস নদ-নদীৰ প্ৰতি এনে উদাসীন মনোভাৱ আৰু ধ্বংসাত্মক-কাৰ্য অবিৰতভাৱে চলি থকা ঘটনা-প্ৰৱাহ লক্ষ্য কৰি ২০০৫ চনত আমেৰিকাৰ এজন বিখ্যাত নদীৰ পৰিৱেশ সচেতন ব্যক্তি মাৰ্ক এঞ্জেলো ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত নদীৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে চেপ্তেম্বৰ মাহৰ চতুৰ্থ সপ্তাহৰ দেওবাৰে আন্তৰ্জাতিক নদী দিৱস পালন কৰাৰ বাবে আহ্বান জনায়। বিখ্যাত নদী বিশেষজ্ঞ মাৰ্ক এঞ্জেলোৰ পৰামৰ্শ গ্ৰহণ কৰি ২০০৫ চনৰ চেপ্তেম্বৰ মাহৰ ২৪ তাৰিখে পৃথিৱীৰ ৬৪খন দেশে আন্তৰ্জাতিক নদী দিৱস উদ্ যাপন কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱসটি চেপ্তেম্বৰ মাহৰ চতুৰ্থ সপ্তাহত উদ্ যাপন কৰি আহিছে।এই বছৰো চেপ্তেম্বৰ মাহৰ ২৪ চেপ্তেম্বৰ তাৰিখে দেওবাৰ দিনা গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নদী দিৱস পালন কৰিবলৈ প্ৰস্তুতি লৈছে। ২০২৩ চনৰ “আন্তৰ্জাতিক নদী দিৱস” ৰ মূল থিম বা প্ৰতিপাদ্য হ’ল” Right of Rivers” নদীৰ অধিকাৰ সংৰক্ষিত কৰা আৰু ইয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে বৈশিষ্ট্যসমূহ বিজ্ঞান-সন্মত পৰিকল্পনাৰে চিৰস্থায়ী ভাবে ধৰি ৰখাৰ ব্যৱস্থা কৰা। এই দিৱসটি পালনৰ জৰিয়তে নদ-নদীৰ প্ৰতি কেৱল সচেতনতা বৃদ্ধি কৰাই নহয়, নদ-নদীক স্বাভাৱিক ভাবেই গতি কৰিবলৈ দিয়াৰ উপৰিও নদ-নদীৰ তলিভাগ দকৈ খান্দিবলৈ ব্যৱস্থা ল’বলৈ চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহক পৃষ্ঠপোষকতা কৰিবলৈ আহ্বান জনোৱা হ’ব। বিশেষকৈ নদ-নদীৰ পানীত যাতে কোনোধৰণৰ বৰ্জ্য পদাৰ্থ পেলাই নদ-নদীৰ পানীৰ সোঁত ৰুদ্ধ কৰাৰ উপৰিও পানীৰ দ্ৰব্যগুণ ধ্বংস নকৰে, তাৰ বাবে পৃথিৱীৰ সকলো দেশৰ চৰকাৰে অধিনিয়ম গ্ৰহণ কৰি হ’লেও কঠোৰ হাতেৰে বন্ধ কৰিব লাগিব। কিন্তু, আমি প্ৰতি বছৰে “আন্তৰ্জাতিক নদী দিৱস” বা চৰকাৰে কঠোৰ আইন প্ৰৱৰ্তন কৰিলেই নদ-নদীৰ প্ৰতি মানুহে চলাই যোৱা অন্যায়,অত্যাচাৰ বন্ধ নহ’ব,যদি পৃথিৱীৰ সকলো দেশৰ জনগণ একত্ৰিত হৈ এক প্ৰচাৰ -মাধ্যম যেনে ৰেডিও, টিভি, ধাৰাবাহিক নাট, আলোচনা -চক্ৰ, তৰ্ক প্ৰতিযোগিতা, সংগীত, বক্তৃতা-মালা আদিৰ জৰিয়তে এক শক্তিশালী আন্দোলনৰ সূচনা নকৰে।