আন্তর্জাতিক মীন দিৱস উদযাপন

আন্তর্জাতিক মীন দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ বিশ্বৰ লগতে অসমতো প্রতি বছৰৰ দৰে এইবাৰো ২১ নৱেম্বৰত আন্তর্জাতিক মীন দিৱস উদ্‌যাপন কৰা হয়। অসম চৰকাৰৰ মীন সঞ্চালকালয়ৰ উদ্যোগত মীন ভৱনত আয়োজন কৰা মীন দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মীন, পৰিবহন, আবকাৰী ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আন্তর্জাতিক মীন দিৱস উপলক্ষে বিভাগৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সমাজ জীৱনৰ প্ৰতিটো ঢাপতে মাছৰ অপৰিসীম গুৰুত্ব থকাৰ কথা উল্লেখ কৰি সাহিত্য-সাংস্কৃতিক আৰু আধ্যাত্মিক দিশটোৰ সৈতেও কিদৰে মৎস্য বিষয়টো সংপৃক্ত হৈ আছে, ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৎস্যক সম্পদ বুলি উল্লেখ কৰাৰ কথা উনুকিয়াই মন্ত্রী শুক্লবৈদ্যই সাম্প্রতিক কেন্দ্ৰীয় চৰকাৰখনে মৎস্য উৎপাদনৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্য চৰকাৰেও মীনপালকসকলক উৎসাহিত কৰি মীন বিভাগক অধিক ত্বৰান্বিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ প্ৰকাশ কৰে। ইতিমধ্যে ৰাজ্যখনে মীন উৎপাদনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।  সভাত উপস্থিত থকা মীন বিভাগৰ আয়ুক্ত, সচিব আৰ কুমাৰে আন্তৰ্জাতিক মীন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে বিভিন্ন প্ৰজাতিৰ মাছৰ পালন আৰু সংৰক্ষণৰ জৰিয়তে জৈৱ-বৈচিত্ৰ্য বৰ্তাই ৰাখি বিশ্বত মৎস্য পালন আৰু ব্যৱসায়িক ভিত্তিত উৎপাদনক উৎসাহিত কৰাই ইয়াৰ উদ্দেশ্যে। অনুষ্ঠানত ফিছফেড্ৰৰ সঞ্চালক সুশীলা হাজৰিকা, অসম মীন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক প্রশান্ত বৰকাকতি প্ৰমুখ্যে মীন বিভাগ, মীন সঞ্চালকালয়, ফিছফেড্ৰৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে। অনুষ্ঠানত মৎস্যপালনত বিশেষ পাৰদৰ্শিতা দেখুওৱা চাৰিগৰাকী ব্যক্তিলৈ বিশেষ বঁটা আগবঢ়োৱা হয় । তদুপৰি প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত হিতাধিকাৰীসকলক আর্থিক সাহায্য প্রদান কৰা হয় ।