আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ ঘোষণা ঋদ্ধিমান সাহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে টীম ইণ্ডিয়াৰ উইকেটকীপাৰ-বেটাৰ ঋদ্ধিমান সাহাই। চলিত ৰঞ্জি ট্রফী ছিজনত বংগক প্রতিনিধিত্ব কৰা ঋদ্ধিমান সাহাই সামাজিক মাধ্যমৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে। সাহাই শেষবাৰৰ বাবে ২০২১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ এখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্রহণ কৰিছিল। সামাজিক মাধ্যমত অৱসৰ ঘোষণা কৰি ঋদ্ধিমান সাহাই এনেদৰে লিখিছিল, ‘ক্রিকেটত এক স্মৰণীয় যাত্ৰাৰ পিছত এই ছিজনটো হ’ব মোৰ অন্তিম। অৱসৰ লোৱাৰ পূৰ্বে মই কেৱল বংগক প্রতিনিধিত্ব কৰি ৰঞ্জি ট্রফী খেলিম। এই অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱা সকলোকে ধন্যবাদ, আপোনালোকৰ সমৰ্থন মোৰ বাবে বহুত অর্থপূর্ণ। এই ছিজনটো স্মৰণীয় কৰি তুলিম। ‘ উইকেটকীপাৰ- বেটাৰ ঋদ্ধিমানে ভাৰতৰ হৈ ৪০খন টেষ্ট মেচ খেলিছে । ক্রিকেটাৰগৰাকীয়ে ৫৬টা ইনিংছত সংগ্ৰহ কৰে মুঠ ১,৩৫৩ ৰান। য’ত আছে ৩টা শতক আৰু ৬টা অর্ধশতক। সাহা সফল উইকেটকীপাৰ হিচাপেও জনাজাত। আন্তর্জাতিক টেষ্টত ৯২টা কেচ আৰু ১২টা ষ্টাম্পিঙৰ অভিলেখ আছে তেওঁৰ নামত। ঋদ্ধিমান সাহাই সমগ্র কেৰিয়াৰত ৯খন এদিনীয়াত ভাৰতক প্রতিনিধিত্ব কৰিছিল। ঋদ্ধিমান সাহাৰ অৱসৰৰ ঘোষণাই তেওঁৰ অনুৰাগীক হতবাক কৰি তোলে।