আন্তঃ জিলা শক্তি উত্তোলনৰ বাবে নগাঁও দল ঘোষণা

আন্তঃ জিলা শক্তি উত্তোলনৰ বাবে নগাঁও দল ঘোষণা

নগাঁও,ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২১ ডিচেম্বৰত ধনশিৰিত অনুষ্ঠিত হ’ব সদৌ অসম আন্তঃ জিলা শক্তি উত্তোলন প্ৰতিযোগিতা। ইয়াৰ বাবে যোৱা দেওবাৰে নগাঁও জিলা দলটো গঠন কৰাৰ উদ্দেশ্যে নগাঁও জিলা শক্তি উত্তোলন সংস্থাই নিজা প্ৰাংগনত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।তিনি কুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত পুৰুষৰ জুনিয়ৰ শাখাত নিশান চৌধুৰী আৰু ছিনিয়ৰ শাখাত মিঠুন বৰ্মনে ‘স্ট্ৰং মেন’ নিৰ্বাচিত হোৱাৰ বিপৰীতে মহিলাৰ জুনিয়ৰ শাখাত লাকী দাস আৰু ছিনিয়ৰ শাখাত কেশিঅ’পিয়া গোস্বামীয়ে ‘স্ট্ৰং ৱ’মেন’ হিচাপে নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাৰ পৰাই আজি নগাঁও জিলা শক্তি উত্তোলন দলটো ঘোষণা কৰা হৈছে। বিভিন্ন ওজন শাখাৰ দলটো হ’লঃ- পুৰুষঃ তন্ময় মহন্ত, আৰিয়াদীপ ভূঞা, দেৱাশীষ বিশ্বাস, ত্ৰিপল বৰা, শাশ্বত কাশ্যপ, দীপাংক দীপ্ত বৰা, চাইদুল আলী, জিন্টুমণি শইকীয়া, জিন্টুমণি দলৈ, ভাৰ্গৱ শইকীয়া, হীৰকজ্যোতি বৰা, মিঠুন বৰ্মন, ভাস্কৰজ্যোতি মহন্ত, কৃশাংগ কাকতি, সীমান্ত বৰা, অবিনাশ বসুমতাৰী, সঞ্জয় দাস, নৱজ্যোতি দাস, নিশান চৌধুৰী, মহিউদ্দিন আহমেদ আৰু তফিকুৰ ৰহমান। মহিলাঃ ইন্দ্ৰানী মন্ডল, লাকী দাস আৰু কেশিঅ’পিয়া গোস্বামী।