আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসত দুই ছাত্ৰ-ছাত্ৰী আৰু দুই শিক্ষকক প্ৰেৰণা বঁটা
যদুমণি হাজৰিকা , নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩ ডিচেম্বৰত দিন জোৰাকৈ আয়োজিত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ কাৰ্য্যসূচীত দিব্যাংগ হিচাপে অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে দিৱসৰ কাৰ্য্যসূচীত উৎকৰ্ষ বিচাৰি অহাৰ লগতে নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰি কবিতা আবৃত্তি, আত্ম কথকতাৰ মাজত লক্ষ্যত সফল হৈ উঠাৰ সংকল্পক দোহাৰে । সাধু, কবিতা, গল্প, প্ৰৱন্ধ আদিৰ চৰ্চ্চা আৰু ৰচনাত নিমগ্ন ষষ্ঠ শ্ৰেণীৰ দিব্যাংগ ছাত্ৰ লাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অংশুমান দুৱৰীয়ে কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতা আবৃত্তিৰে প্ৰেক্ষাগৃহ মুখৰিত কৰি তোলে । নমাটি হাইস্কুলৰ দিব্যাংগ ছাত্ৰী কংকনা ভাগৱতীয়ে যোৱা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৪ দশমিক ৩৩ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হৈছিল । প্ৰেৰণা বঁটাৰ প্ৰাপ্তিত কৃতী ছাত্ৰী গৰাকীয়ে প্ৰাপ্তিৰ বাবে মানসিক দৃঢ়তাক এক অস্ত্ৰ হিচাপে লৈ জীৱনত আগুৱাই যাব লাগিব বুলি সংকল্প প্ৰকাশ কৰে । আনহাতে দৰিকিয়াল এম ভি স্কুলৰ শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰণৱজ্যোতি দত্ত আৰু নমাটি হাইস্কুলৰ প্ৰধান শিক্ষক বিনোদ পাটৰক শিক্ষক প্ৰেৰণা বঁটা প্ৰদান কৰা হয় । নিজ ভাষণত শিক্ষক দ্বয়ে বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দৃঢ়তাৰ লগতে মনৰ হেঁপাহৰ সৈতে সংপৃক্ত হৈ পৰা ক্ষমতাই বহু দূৰ আগুৱাই যোৱাত সফল কৰি তোলা বুলি প্ৰকাশ কৰে । প্ৰৱল আত্ম বিশ্বাস গঢ়ি তোলাৰ ক্ষমতাৰ বাবেই তেওঁলোক দিব্যাংগ স্বৰূপে আন সকলৰ সৈতে থাকিও অদ্বিতীয় বুলি উল্লেখ কৰে । সমগ্ৰ শিক্ষা অভিযানৰ নাজিৰা শিক্ষাখণ্ডৰ উদ্যোগত অভিভাৱক সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্য্যসূচীৰ পুৱাৰ ভাগত পতাকা উত্তোলণ কৰে নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰোহিত চাবুকধৰাই । চিত্ৰাংকন আৰু কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বক্তৃতাৰে প্ৰেৰণা যোগায়, মহকুমাধিপতি তথা জিলা অতিৰিক্ত আয়ুক্ত আয়ুসী জৈনে । নাজিৰাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈ আৰু জিলা আঁচনি বিষয়া দীপক বৰাই সন্মানীয় অতিথি হিচাপে দিব্যাংগ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক শুভেচ্ছা জনায় । শিশু উন্নয়ন প্ৰকল্প বিষয়া তৰুণ কুৰ্মী, নাজিৰা মহকুমা শিক্ষক সন্মিলনীৰ সম্পাদক শৈলেন্দ্ৰ কলিতা, সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঞি,সমগ্ৰ শিক্ষা মিছন শিৱসাগৰৰ আঁচনি বিষয়া ৰিচা শইকীয়া কাৰ্য্যসূচীত উপস্থিত থাকে । ছাত্ৰী ৰাজশ্ৰী দাসে বৰগীত মনালিছা গগৈ আৰু সংগীবৃন্দৰ আধুনিক নৃত্যৰ লগতে পাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীদলৰ ঝুমুইৰ নৃত্য পৰিৱেশনে কাৰ্য্যসূচী আনন্দ মুখৰ কৰি তোলে । শিক্ষক ৰাম নায়ক আৰু বিপুল গগৈয়ে মাদল বজাই ঝুমুইৰ গীত গাই দলটিৰে সংযোগ হৈ থকাত শিক্ষক দ্বয়ক সভাই বিশেষভাৱে সন্মানিত কৰে । ব্ৰজবল্লভ দত্তই সাৱলীলভাৱে আঁত ধৰা কাৰ্য্যসূচীত শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ ছাত্ৰ অনিনম দে’ আৰু লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি বৰুৱাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । অসম সংগীতেৰে কীৰ্য্যসূচীৰ সামৰণি মৰা হয়।