আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মিচেল ষ্টাৰ্কৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে অষ্ট্ৰেলিয়াৰ ত্ৰাস সৃষ্টিকাৰী বেগী বলাৰ মিচেল ষ্টাৰ্কে। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত অষ্ট্ৰেলিয়ান তাৰকাগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে। ৩৫ বছৰীয়া ষ্টাৰ্কে ২০১২ চনত অভিষেকৰ পিছত ৬৫খন টি-২০ আন্তর্জাতিক মেচ খেলিছে আৰু তেওঁ ২০২১ চনত ইউ এ ই-ত অষ্ট্ৰেলিয়াৰ প্ৰথম পুৰুষ টি-২০ বিশ্বকাপ জয়ী দলৰ সদস্য আছিল। তেওঁ শেষবাৰৰ বাবে এই ফর্মেটত ২০২৪ চনত ৱেষ্টইণ্ডিজত অনুষ্ঠিত বিশ্বকাপত অংশগ্ৰহণ কৰিছিল আৰু ভাৰত আৰু শ্রীলংকাত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী টি-২০ বিশ্বকাপৰ ছয় মাহ পূর্বে অৱসৰ লৈছে। তেওঁ টি-২০ত ৭৯টা উইকেট দখল কৰিছে আৰু অষ্ট্ৰেলিয়াৰ হৈ ই দ্বিতীয় সর্বাধিক উইকেটৰ গৰাকী, য’ত তেওঁৰ সৰ্বশ্রেষ্ঠ প্ৰদৰ্শন ২০২২ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪/২০। ষ্টার্কে কৈছে, “টেষ্ট ক্রিকেট মোৰ সৰ্বোচ্চ অগ্রাধিকাৰ আছিল আৰু সদায় থাকিব। মই অষ্ট্ৰেলিয়াৰ হৈ খেলা প্রতিখন টি-২০ মেচৰ প্ৰতিটো মুহূর্ত উপভোগ কৰিছোঁ, বিশেষকৈ ২০২১ৰ বিশ্বকাপ, কেৱল জয়ৰ বাবেই নহয়, অসাধাৰণ দল আৰু পথৰ মজাৰ বাবেও।”