আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পিছত আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পিছত আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পিছত এইবাৰ আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। এই তথ্য তেওঁ সামাজিত মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে। তেওঁৰ এই আকস্মিক সিদ্ধান্তই ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অশ্বিনে সামাজিক মাধ্যম এক্সত অৱসৰ লোৱাৰ কথা ঘোষণা কৰি লিখিছে, “এইটো এটা বিশেষ দিন আৰু সেয়েহে ই এক বিশেষ আৰম্ভণিও । কোৱা হয় প্ৰতিটো সমাপ্তিৰে এক নতুন আৰম্ভণি আছে । এগৰাকী আই পি এল ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি সমাপ্ত হ’ল, কিন্তু বিভিন্ন লীগত খেলৰ অন্বেষক হিচাপে মোৰ সময় আজিৰ পৰা আৰম্ভ হৈছে । বছৰ বছৰ ধৰি লাভ কৰা আকৰ্ষণীয় স্মৃতি আৰু সম্পৰ্কৰ বাবে সকলো ফ্ৰেঞ্চাইজিকে ধন্যবাদ জনাইছো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আইপিএল আৰু বিচিচিআইক তেওঁলোকে মোক এতিয়ালৈকে যিখিনি দিছে তাৰ বাবে ধন্যবাদ জনাইছো । আগলৈ মোৰ সন্মুখত যিয়েই নাথাকক উপভোগ কৰিম আৰু সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আগ্ৰহী ।”২০২৪ চনৰ ডিচেম্বৰ মাহত ৩৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । তেওঁ অনিল কুম্বলে (৬১৯)ৰ পিছতে টেষ্টত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী (৫৩৭) হিচাপে পৰিগণিত হৈছে । ২০০৯ চনত চেন্নাই ছুপাৰ কিংছৰ হৈ তেওঁৰ আই পি এলত অভিষেক ঘটিছিল । অন্তিম ছিজন অৰ্থাৎ ২০২৫ চনৰ আই পি এলতো তেওঁ হালধীয়া জাৰ্চিয়ে পিন্ধিছিল । দশকজোৰা ব্যৱধানৰ পিছত ৯.৭৫ কোটি টকাত পুনৰ চি এছ কেত যোগদান কৰিছিল অশ্বিনে । সামগ্ৰিকভাৱে তেওঁ আই পি এলৰ ২২১ খন মেচত ৩০.২২ গড়ে ১৮৭ টা উইকেট দখল কৰিছে । এই সময়ত তেওঁৰ সৰ্বাধিক প্ৰদৰ্শন আছিল ৩৪ ৰাণত ৪ টা উইকেট । বেটিঙৰ ফালৰ পৰা তেওঁ সৰ্বোচ্চ ৫০ ৰাণ আৰু গড়ে ১৩.০২ ৰাণ কৰি মুঠ ৮৩৩ ৰাণ সংগ্ৰহ কৰে । ২০১০ আৰু ২০১১ চনত চি এছ কেৰ খিতাপ দখলৰ অভিযানত দলৰ অংশ আছিল অশ্বিন । আই পি এলৰ কেৰিয়াৰত তেওঁ ৰাইজিং পুণে ছুপাৰজায়েণ্ট, পাঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ হৈও খেলিছিল ।