আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ হেনৰিছ ক্লাছেনৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ হেনৰিছ ক্লাছেনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন হেনৰিক ক্লাছেনে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। মাত্ৰ ৩৩ বছৰীয়া ক্লাছেনে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয়  ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ লোৱাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল । শেহতীয়াকৈ ক্লাছেনে চলিত আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা দেখা গৈছিল । হেনৰিক ক্লাছেনে নিজৰ সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে, ‘‘মোৰ বাবে এই দিনটো দুখৰ, কিয়নো মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছো । এই সিদ্ধান্তত উপনীত হ’বলৈ আৰু ভৱিষতে মোৰ পৰিয়ালৰ বাবে কি ভাল হ’ব, তাৰ বাবে বহু সময়ৰ প্ৰয়োজন হৈছিল । এয়া সঁচাকৈয়ে অতি কঠিন সিদ্ধান্ত আছিল যদিও একে সময়তে মোৰ সিদ্ধান্তৰ ওপৰত মই সম্পূৰ্ণ সন্তুষ্ট । প্ৰথম দিনাৰ পৰাই মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান আছিল ।” ‘‘মই বহু ভাল বন্ধুত্ব আৰু সম্পৰ্ক গঢ়ি তুলিছো যিবোৰ মই গোটেই জীৱন ভালদৰে ৰাখিম । মই খেলি থকাৰ সময়ত জীৱন সলনি কৰা মহান মানুহক লগ পোৱাৰ সুযোগ পাইছিলো আৰু তেওঁলোকক মই কেৱল ধন্যবাদ দিলেই যথেষ্ট নহ’ব । প্ৰটিয়াছৰ (Proteas) সাজযোৰ পিন্ধি কৰা যাত্ৰাটো আনতকৈ পৃথক আছিল আৰু মোৰ কেৰিয়াৰত কিছুমান প্ৰশিক্ষক আছিল যিয়ে মোৰ ওপৰত বিশ্বাস ৰাখিছিল । তেওঁলোকৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ থাকিম ।”ক্লাছেনে লগতে লিখিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি ক্লাছেনে লিখিছে, ”বুকুত প্ৰটিয়াছ বেজটো লৈ খেলাটো মোৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সন্মান আছিল আৰু সদায় থাকিব । পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ মই অধিৰ আগ্ৰহেৰে বাট চাই আছো ।” দেশৰ হৈ মাত্ৰ চাৰিখন টেষ্ট খেলা প্ৰটিয়াছ তাৰকাগৰাকীয়ে ৬০ খন এদিনীয়া আৰু ৫৮ খন টি-২০ মেচ খেলিছে। ২০১৮ চনত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা ক্লাছেনে কম সময়ৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ দলটোৰে অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে আত্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।  বিশেষকৈ টি-২০ত তেওঁৰ বিস্ফোৰক ইনিংছৰ বাবে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ক্লাছেন। তেওঁ ৫৮ খন টি-২০ত ১০০০ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে, ৬০খন এদিনীয়াত তেওঁ ২১৪১ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ৪টা শতককে ধৰি ১১টা অৰ্ধশতক।