আন্তঃৰাষ্ট্ৰীয় কাৰাটেত বিবেকানন্দ কাৰাটে একাডেমীৰ সাফল্য 

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত বিবেকানন্দ কাৰাটে একাডেমীৰ সাফল্য 
যদুমণি হাজৰিকা,নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা-  ওৱাডো ৰিও কাৰাটে ৰাষ্ট্ৰীয় ফেডাৰেচনৰ উদ্বোগত গোৱাৰ মনোহৰ পাৰিকৰ ইনদ’ৰ ষ্টেডিয়ামত যোৱা ২৫ , ২৬ নৱেম্বৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ভাৰত , নেপাল , ইৰাণ , বাংলাদেশকে ধৰি কেইবাখনো দেশে অংশগ্ৰহণ কৰে । উক্ত প্ৰতিযোগিতাৰ মুখ্য প্ৰশিক্ষক ৰেনচি ৰাজ দেৰ নেৰ্তৃত্বত যোৱা কৃষান্ত একাডেমীত অধ্যয়ণ কৰা ৰাজীৱ ফুকন আৰু অংকিতা হাজৰিকা ফুকনৰ একমাত্ৰ পুত্ৰ লৱনীশ ফুকনে কাতা আৰু কুমিতিত দুটাকৈ সোণৰ পদক অৰ্জন কৰি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । আনহাতে যোৰহাটৰ নাৰায়ণ সাহা আৰু সংগীতা সাহাৰ একমাত্ৰ কন্যা দিকশা সাহাই এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক অৰ্জন কৰি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনে । আনহাতে লৱনীশ ফুকনে ওৱাডো কাৰাটেত সদান ( Black Belt 1 ‘st )লাভ কৰিবলৈ সক্ষম হয় ।