আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত নীতা আম্বানী 

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত নীতা আম্বানী 

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি(IOC)ৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত ৰিলায়েন্স ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানী ৷ পেৰিছত অনুষ্ঠিত ১৪২ সংখ্যক IOCৰ অধিৱেশনত তেওঁ ১০০% ভোট লাভ কৰি সৰ্বসন্মতিক্ৰমে জয়লাভ কৰে। ভাৰতৰ পৰা পুনৰ IOC সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নীতা আম্বানিয়ে কয়, ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাত মই গভীৰভাৱে সন্মানিত হৈছো। মোৰ ওপৰত বিশ্বাসৰ বাবে সভাপতি আৰু IOCৰ মোৰ সকলো সহকৰ্মীক ধন্যবাদ জনাইছো। এই পুনৰ নিৰ্বাচন কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয়, বিশ্ব ক্ৰীড়া জগতত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ স্বীকৃতিও। এই আনন্দ আৰু গৌৰৱৰ এই মুহূৰ্তটো প্ৰতিজন ভাৰতীয়ৰ লগত ভাগ কৰিব বিচাৰিছো ভাৰত আৰু সমগ্ৰ বিশ্বতে অলিম্পিক আন্দোলনক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আগ্ৰহী।” মন কৰিবলগীয়া যে, নীতা আম্বানীয়ে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ জৰিয়তে সমগ্ৰ দেশত অলিম্পিক ক্ৰীড়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশত গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধীনত স্থাপন কৰিছে অত্যাধুনিক সুবিধা সম্পন্ন ক্ৰীড়া প্ৰকল্প। য’ত নিৰ্বাচিত খেলুৱৈয়ে বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি দেশৰ হৈ বিশ্ব মঞ্চত উন্নত প্ৰদৰ্শনেৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পেৰিছ অলিম্পিকৰ পূৰ্বে পেৰিছত অনুষ্ঠিত হোৱা ১৪২ সংখ্যক IOC অবিধেশনত ১০০ শতাংশ ভোট লাভ কৰি পুনৰ এবাৰ নিৰ্বাচিত হোৱা নীতা আম্বানীয়ে প্ৰথমবাৰৰ ২০১৬ ত ৰিঅ’ ডি জেনেৰিঅ’ ত অনুষ্ঠিত হোৱা অলিম্পিকৰ সময়ত ইণ্টাৰনেচনল অলিম্পিক কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।তাৰ পাছৰে পৰা অলিম্পিকৰ মঞ্চত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।যোৱা ২০২৩ বৰ্ষত মুম্বাইত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল অলিম্পিক কমিটীৰ বৈঠকো নীতা আম্বানীৰ পৃষ্ঠপোষকতাতে অনুষ্ঠিত হৈছিল। আনকি এইগৰাকী ক্ৰীড়া সংগঠকে অলিম্পিকৰ মঞ্চত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো বক্তব্য ৰাখিছে। সেই অনুসৰিয়েই ভাৰত চৰকাৰেও ইতিমধ্যে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰিব পৰাকৈ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিয়া বুলি সংসদতো উল্লেখ কৰিছে।