আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ চাহাল আৰু ধনশ্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- টীম ইণ্ডিয়াৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্রী বাৰ্মাৰ বিবাহ বিচ্ছেদ নিশ্চিত হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল। এতিয়া প্রায় চাৰি বছৰীয়া বিবাহৰ অন্তত দুয়োৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ ঘটিছে। বান্দ্রা ফেমিলী কর্টত চলি আছিল ধনশ্ৰী আৰু চাহালৰ বিবাহ বিচ্ছেদৰ গোচৰ। আজি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত নিশ্চিত হয়।পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ হৈছে চাহাল আৰু ধনশ্ৰীৰ। এই দুয়োৰে প্ৰথম কথা-বতৰা সংঘটিত হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে। চাহাল আৰু ধনশ্রীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বন্ধুত্ব গঢ়িছিল আৰু তাৰ পিছত বিয়া পাতিছিল। কিন্তু এই সম্পর্ক বেছি দিন টিকি থাকিব নোৱাৰিলে। চাহালে ধনশ্রীক ৪.৭৫ কোটি টকা জীৱিকা হিচাপে দিব লাগিব। ইয়াৰে তেওঁ ইতিমধ্যে ২.৩৭ কোটি টকা দিছে।