আনুষ্ঠানিকভাবে ই-কক্ষ মুকলি কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে

আনুষ্ঠানিকভাবে ই-কক্ষ মুকলি কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত স্মার্ট শিক্ষাৰ ক্ষেত্রত আন এক খোজ আগবঢ়াইছে অসম চৰকাৰে। শিক্ষার্থীসকলক ডিজিটেল মঞ্চৰ জৰিয়তে পাঠদান কৰোৱাৰ লক্ষ্যৰে আনুষ্ঠানিকভাবে মুকলি কৰা হ’ল ই-কক্ষ।  সমগ্ৰ শিক্ষা অসমে প্রস্তুত কৰা এই ই-কক্ষ আনুষ্ঠানিকভাবে মুকলি কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে ই-কক্ষৰ জৰিয়তে ইংৰাজী, ভূগোল, ইতিহাস, সামাজিক বিজ্ঞান আদি পাঠ্যক্ৰমৰ পাঠ শিক্ষার্থীয়ে ঘৰতে বহি আয়ত্ত কৰিব পাৰিব। এই সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে এতিয়াৰে পৰা ই-কক্ষৰ জৰিয়তে সম্পূর্ণ অসমীয়া ভাষাত শিক্ষার্থীয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পাঠ আয়ত্ত কৰাত সুবিধা পাব। সেয়াই নহয়, শিক্ষক-শিক্ষয়িত্রীয়েও একোটা পাঠ্যক্ৰমৰ পাঠদান কিদৰে কৰাব লাগে, তাৰ তথ্যও ই-কক্ষত লাভ কৰিব। তদুপৰি বহু সময়ত বিদ্যালয়ত একেলগে দুজন বা তিনিজন শিক্ষক বিভিন্ন কাৰণত অনুপস্থিত থাকিলে পাঠদানত যি অসুবিধাৰ সৃষ্টি হয়, সেই অসুবিধাৰ পৰা ই-কক্ষই যথেষ্ট সহায় কৰিব। অর্থাৎ ডিজিটেল শ্রেণীকোঠাত শিক্ষার্থীক ই- কক্ষত উপলব্ধ পাঠদান শ্ৰেণীকোঠাত দেখুৱাব পাৰিব। ফলত অনুপস্থিত থকা শিক্ষকৰ অভাৱো আঁতৰ হ’ব। শিক্ষামন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক আৰু শিক্ষার্থীসকলক ই-কক্ষ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। মন কৰিবলগীয়া যে বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীয়ে কিদৰে একোটা বিষয়ৰ ওপৰত পাঠদান কৰিব লাগে, শিক্ষার্থীয়ে সহজতে বুজি পোৱাকৈ একোটা বিষয়ক কেনেদৰে উপস্থাপন কৰিব লাগে এই বিষয়টোক লৈ শিক্ষকসকলক এক ব্যৱস্থাৰ যোগান ধৰাৰ কথা বহু দিনৰ পৰা উত্থাপিত হৈ আহিছিল। মুখ্যতঃ এই বিষয়টোক আগত ৰাখিয়ে ই-কক্ষৰ জৰিয়তে সম্পূৰ্ণ অসমীয়াতে বিদ্যালয়ৰ পাঠ্যপুথিৰ কেইবাটাও বিষয় অভিজ্ঞ শিক্ষকৰ জৰিয়তে পাঠদান কৰোৱাই ইয়াত উপলব্ধ কৰা হৈছে। ম’বাইল বা আন ডিজিটেল ডিভাইচত ই-কক্ষ সহজতে শিক্ষার্থীয়ে ডাউনলোড কৰিব পাৰিব। সম্পূৰ্ণ বিনামূলীয়া আৰু কোনোধৰণৰ ল’গ ইনৰ ব্যৱস্থা নাই। গতিকে শিক্ষার্থীয়ে অতি সহজে ইয়াক উপলব্ধ কৰিব পাৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে অহা সময়ছোৱাত ই-কক্ষত অধিক বিষয় অন্তর্ভুক্ত কৰাৰ লগতে বাংলা আৰু বড়ো মাধ্যমতো পাঠদানৰ ব্যৱস্থা কৰা হ’ব। বানপানী বা আন দুৰ্যোগৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠা বন্ধ থকা অৱস্থাত ই-কক্ষৰ জৰিয়তে গ্রামাঞ্চলৰ তথা দূৰণিবটীয়া শিক্ষার্থীসকলে পাঠদানৰ সুবিধা লাভ কৰিব পাৰিব। ই-কক্ষৰ মুকলি অনুষ্ঠানত সমগ্র শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্তৰ লগতে আন কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।