আনন্দৰাম বৰুৱা বঁটাৰ পঞ্জীয়নৰ বাবে প’ৰ্টেল মুকলি

আনন্দৰাম বৰুৱা বঁটাৰ পঞ্জীয়নৰ বাবে প’ৰ্টেল মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বৰ্ষৰ ‘আনন্দৰাম বৰুৱা বঁটা’ প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা বিভাগে । ৰাজ্য চৰকাৰৰ এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন । ডি বি টি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন । এই সন্দৰ্ভত ইতিমধ্য়ে শিক্ষা বিভাগৰ পৰা জাননী জাৰি কৰা হৈছে ।২০২৪বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে। ৭৫শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব। ।১৫জুলাই ২০২৪ৰ পৰা ২৫জুলাই ২০২৪ৰ মাজনিশাৰ লৈকে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। কৃতী শিক্ষাৰ্থীসকলৰ আবেদনৰ বাবে শিক্ষা বিভাগে দুটা ৱেবচাইট মুকলি কৰিছে। সেই ৱেবচাইট দুটা হৈছে- https:bidyarthi.co.in আৰু www.madhyamik.assam.gov.in।